বিহাৰত তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে মহাজোঁটবন্ধনে

ডিজিটেল ডেস্ক: পাটনাৰ হোটেল মৌৰ্যত অনুষ্ঠিত সংবাদমেলত তেজস্বী যাদৱক নিজৰ নেতা হিচাপে স্বীকৃতি দিয়ে মহাজোঁটবন্ধনে । বিহাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰ্যবেক্ষক অশোক গেহলটে কয়, “আজি দেশত বিষম পৰিস্থিতি । আলোচনা কৰিলেও জে’ললৈ যাব লাগে । দেশে কি বিচাৰে তাৰ প্ৰতি মনোযোগ দিয়ক । সম্পূৰ্ণ দেশে বিহাৰৰ দিশে চাই আছে । নিবনুৱা আৰু অন্য বিষয়ত পৰিস্থিতি অতি শোচনীয় ।”তেওঁ লগতে কয়, “মানুহে পৰিৱৰ্তন বিচাৰিছে । ৰাহুল গান্ধীৰ যাত্ৰাক জনসাধাৰণে যথেষ্ট সমৰ্থন আগবঢ়াইছে । দেশত মুখা পিন্ধা লোকে শাসন কৰি আছে । এই নিৰ্বাচনত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ মুখ হিচাপে আমি তেজস্বী যাদৱক নিজৰ সমৰ্থন আগবঢ়াইছোঁ।অশোক গেহলটে লগতে কয়, “মই মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে যাৰ দীঘলীয়া ভৱিষ্যৎ আছে জনসাধাৰণেও তেওঁক সংগ দিয়ে । যোৱাবাৰ যি প্ৰতিশ্ৰুতি দিছিল তাক পূৰণ কৰাত সফল হৈছে তেজস্বী । লগতে সকলোৱে আমাৰ সংগী মুকেশ চাহানীৰ সপক্ষেও ৰায় দিছে, তেওঁ যথেষ্ট সংঘৰ্ষ কৰি নিজৰ দল গঠন কৰিছে । এনে এগৰাকী যুৱক বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হ’ব ।”উল্লেখ্য যে বৈঠকৰ পূৰ্বে অশোক গেহলট আৰু তেজস্বী যাদৱে প্ৰায় 15 মিনিট সময় এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ এই সাক্ষাৎকাৰৰ পিছতে মহাজোঁটবন্ধনে নিজৰ একতাৰ বাৰ্তা প্ৰদান কৰে আৰু সকলোৱে একে সুৰতে বিহাৰৰ পৰা এন ডি এ চৰকাৰক উৎখাত কৰাৰ আহ্বান জনায় ।

Related Articles