ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডি ডি এম এ), নগাঁৱৰ উদ্যোগত আজি নগাঁৱৰ জিলা পৰিষদৰ সভা কক্ষত “গ্ৰেট আছাম স্কুল শ্বেকআউট কাৰ্যসূচী–২০২৫’ ৰ বাবে জিলা পৰ্যায়ৰ সমন্বয় আৰু অভিমুখী সভা অনুষ্ঠিত হয়। সভাখন দুটা পৰ্যায়ত অনুষ্ঠিত হয় ।

প্ৰথম পৰ্যায়ৰ বৈঠকখন চাৰ্কল কুইক ৰেচপন্স টিমৰ সদস্য আৰু আপদা মিত্ৰৰ স্বেচ্ছাসেৱকসকলৰ লগত অনুষ্ঠিত হয় । ইয়াৰ পিছতে জিলাখনৰ নিৰ্বাচিত বিদ্যালয়সমূহৰ স্কুল ফ’কেল পইণ্ট শিক্ষক (এছ এফ পি টি)ৰ সৈতে এখনি সভা অনুষ্ঠিত কৰা হয়।সভাত ডিডিএমএ, নগাঁৱৰ জিলা প্ৰকল্প বিষয়া গৰাকীয়ে আগন্তুক অনুষ্ঠিত হ’বলগীয়া মক ড্ৰিলৰ বিতং কাৰ্যসূচী দাঙি ধৰে যিটো ২০২৫ চনৰ ২৯ অক্টোবৰত গ্ৰেট আছাম স্কুল শ্বেকআউট কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হ’ব ।

এই কাৰ্যসূচীত জিলা ৰাজহ চক্ৰ বিষয়া, নৱ ডেকা, অভিযান্ত্ৰিক পৰামৰ্শদাতা (বান প্ৰশমন), ছিনিয়ৰ ষ্টেচন বিষয়া, এফ এণ্ড ই এছ আৰু এছ ডি আৰ এফ কৰ্মী, নিৰ্বাচিত বিদ্যালয়ৰ ক্ষেত্ৰ বিষয়া আৰু এছ এফ পি টি সকল উপস্থিত থাকে।সভাত মূলত সমগ্ৰ নগাঁও জিলাৰ ৯৯ খন নিৰ্বাচিত বিদ্যালয়ত এন এছ এছ পিৰ অধীনত দুৰ্যোগ আশংকা হ্ৰাসৰ বাবে বিদ্যালয় পৰ্যায়ত প্ৰস্তুতি আৰু সজাগতা নিশ্চিত কৰিবলৈ সমগ্ৰ নগাঁও জিলাৰ নিৰ্বাচিত বিদ্যালয়সমূহত ভূমিকম্প আৰু অগ্নি মক ড্ৰিলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।