সচেতন জেষ্ঠ নাগৰিক মঞ্চৰ অধিবেশন সম্পন্ন- মুখপত্ৰ’ স্বজ্ঞানম’ উন্মোচন

ডিজিটেল সেৱা ,নগাঁও : নগাঁও সচেতন জেষ্ঠ নাগৰিক মঞ্চৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিবেশন আজি ৰামকৃষ্ণ মিশ্যনৰ নগাঁও চহৰস্থ সভাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামীয়ে। স্মৃতি তৰ্পন অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় প্ৰতিনিধি সভা। মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক মুক্তি বৰাই সম্পাদকীয় আৰু বিত্তীয় প্ৰতিবেদন পাঠ কৰে আৰু সভাই গৃহীত কৰে । সভাত জেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। সভাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিনিধি সভাই পৰৱৰ্তী তিনিবছৰৰ বাবে দ্বিজেন্দ্ৰ নাথ হাজৰিকাক সভাপতি ,জয়ন্ত কুমাৰ বৰাক কাৰ্যকৰী সভাপতি ,মুক্তি বৰাক সাধাৰণ সম্পাদক, ভোগেশ্বৰ বৰা ,প্ৰদীপ কুমাৰ দেৱনাথক সহকাৰী সম্পাদক ,দিলীপ কুমাৰক বিত্ত সম্পাদক ,হিৰণ্য বল্লভ গোস্বামী , ভীস্ম দুৰ্লভ মহন্ত আৰু তুলসী শইকীয়াক উপদেষ্টা হিচাপে লৈ নগাঁও সচেতন নাগৰিক মঞ্চৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। বিয়লি অনুষ্ঠিত হয় মুকলি সভা। সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত জনদৰদী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। হিৰণ্য বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপিকা তথা সাহিত্যিক ড: মঞ্জু লস্কৰে জেষ্ঠ নাগৰিক সকলে সমাজলৈ আগবঢ়োৱা অবদানৰ কথা উল্লেখ কৰি কয় যে প্ৰকৃততে জেষ্ঠ নাগৰিক সকলে তেওঁলোকৰ নিষ্ঠা আৰু অভিজ্ঞতাৰ ভিত্তিত সমাজক সঠিক পথ নিৰ্দেশনা দিব পাৰে।সেয়ে জেষ্ঠ নাগৰিক সকল নৱ প্ৰজন্মৰ বাবে আদৰ্শ ব্যক্তি। তেওঁ জেষ্ঠ নাগৰিক সকলক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড :ফটিক তামুলীয়ে জেষ্ঠ নাগৰিক সকলৰ বিষয়ে উল্লেখ কৰি কয় যে জেষ্ঠ নাগৰিক সকলে প্ৰত্যাহ্বান আৰু নিজস্ব অভিজ্ঞতাৰে নিজৰ জীৱন অতিবাহিত কৰে। তেওঁলোকে সদায়েই সমাজখনক সঠিকভাবে আগবাঢ়ি যোৱাত প্ৰেৰণা যোগাই আহিছে। সভাত মঞ্চই প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ ‘ ‘স্বজ্ঞানম’ উন্মোচন কৰে নগাঁও প্ৰিণ্ট মিডিয়া এছ’ চিয়েশ্বনৰ সভাপতি কনক হাজৰিকা আৰু নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি জিতেন বৰকটকীয়ে। সভাত জেষ্ঠ নাগৰিক তুলসী শইকীয়া ,দ্বিজেন্দ্ৰ নাথ হাজৰিকা ,ভীস্ম দুৰ্লভ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। লেখিকা নিজৰা শইকীয়াৰ বৰগীত পৰিবেশনৰে সভা আৰম্ভ কৰা হয়। সভাত ভদ্ৰকান্ত দাস ,শিৱপ্ৰসাদ বৰাই গীত পৰিবেশন কৰে।মঞ্চৰ মহিলা সদস্যা সকলে সমবেত সংগীত পৰিবেশন কৰাৰ লগতে শিক্ষয়িত্ৰী গুণদা গোস্বামীয়ে কবিতা আবৃত্তি কৰে । সভাৰ আতধৰে মঞ্চৰ সম্পাদক মুক্তি বৰাই।

Related Articles