ডিজিটেল সেৱা, নগাঁও: শুশ্ৰুষা সেতুৰ অধীনত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা বৃহৎ স্বাস্থ্য শিবিৰৰ অংশ স্বৰূপে ২৫ অক্টোবৰ তাৰিখে নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাৰ বঢ়মপূৰ বিধান সভা সমষ্টিৰ দ্বিতীয়টো বৃহৎ স্বাস্থ্য শিবিৰ কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ।

বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আজিৰ এই শিবিৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰি তেখেতৰ ভাষণত জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ বাবে চৰকাৰে গ্রহণ কৰা এই বৃহৎ পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । জন্মৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশু আৰু কিশোৰ- কিশোৰীসকলৰ নিৰ্ধাৰিত ৰোগ সমূহৰ চিনাক্তকৰণত এই বৃহৎ স্বাস্থ্য শিবিৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পৰ্য্যায়ত উন্নত চিকিৎসা প্ৰদান কৰাৰ বিষয়েও তেখেতে ভাষণত উল্লেখ কৰে ।

এই স্বাস্থ্য শিবিৰৰ শুভাৰম্ভনি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে। শুভাৰম্ভনি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ, সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী, কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰ, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, কঠিয়াতলি খণ্ড প্রাথমিক চিকিৎসালয়, ডাঃ ৰমেন বেজবৰুৱা, কামপুৰ পৌৰসভা সভানেত্ৰী ধৰিত্ৰী বৰুৱা, কামপুৰ পৌৰসভা উপ-সভাপতি জয়ন্ত গোস্বামী,কামপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া প্ৰীতিস্মিতা ভূঞা, সমাজকৰ্মী বাবুল বৰা, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়া, কামপুৰ খণ্ড আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়াসকলক প্রমুখ্য কৰি বিভিন্ন বিভাগৰ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসকসকল, স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰী, স্বাস্থ্যকর্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

এই শিবিৰত মুঠ ২৪৫৩ গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে ১৩৬ গৰাকী ১৮ বছৰ তলৰ শিশু,কিশোৰ- কিশোৰীক পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, ম’বাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’পিডি, আয়ুষ আৰু কেঞ্চাৰ অ’পিডি স্থাপন কৰাৰ লগতে ম’বাইল মেডিকেল ইউনিট, এন. চি. ডি. আদিৰ ব্যৱস্থা কৰা হয়। লগতে এই স্বাস্থ্য শিবিৰৰ পৰা এটি ১৪ বছৰীয়া শিশুক তাৎক্ষণিকভাৱে উন্নত পৰ্য্যায়ৰ চিকিৎসাৰ বাবে গুৱাহাটী জি.এম. চি. এইচ. লৈ ১০৮ এম্বুলেন্সৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰোপৰি স্বাস্থ্যজনীত বিভিন্ন আঁচনিসমূহৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে দৃশ্য শ্ৰব্য মাধ্যমেৰে সজাগতামূলক বাৰ্তা প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ।