ডিজিটেল সেৱা: অসমীয়া ছবিক ন-জীৱন দিয়া জুবিন গাৰ্গ অন্তিমখন ছবিয়েও মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি লাভ কৰিব ৩১ অক্টোবৰত ।ট্ৰেইলাৰ মুকলিৰ পাছতে জুবিন গাৰ্গৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছিল । শুকুৰবাৰে টিকটৰ অনলাইন বুকিং মুকলি কৰি দিয়াৰ পিছতেই বুক মাই শ্বত ইতিমধ্যে প্ৰতিটো শ্ব’ত ব্যাপক সঁহাৰি দেখা পোৱা গৈছে । ইতিমধ্যে প্ৰথমটো সপ্তাহৰ টিকট বুকিং ট্ৰেণ্ডিঙত আছে ৰৈ ৰৈ বিনালে । অসমৰ ৮০ টা ছবি গৃহতে আন ছবিবোৰৰ প্ৰদৰ্শনী বাতিল কৰি কেৱল ৰৈ ৰৈ বিনালে ছবিখনক প্ৰাধান্য দিয়া হৈছে ।এই সন্দৰ্ভত ছবিখনৰ বিতৰক সিদ্ধাৰ্থ গোৱেংকাই জনোৱা মতে,”৩১ অক্টোবৰত ৰাজ্যৰ ৮০ টা ছবিগৃহত মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে । গুৱাহাটীৰ ১৩ টা ছবিগৃহত মুকলি হোৱাৰ লগতে আৰু টাইম স্কোৱেৰত থকা ছবিগৃহটোত প্ৰদৰ্শনী হোৱাৰ সম্ভাৱনা আছে । এই ছবিগৃহটোত প্ৰদৰ্শনী হ’লে গুৱাহাটীৰ মুঠ ১৪ টা ছবিগৃহত ছবিখন প্ৰদৰ্শন কৰা । প্ৰতিটো ছবিগৃহৰ প্ৰতিটো শ্ব’ প্ৰতিখন পৰ্দাতে প্ৰদৰ্শিত হ’ব ছবিখন ।”গোয়েংকাই জনোৱা অনুসৰি,”দেশৰ ৪০ টাতকৈ অধিক ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে । বেংগালুৰু, হায়দৰাবাদ, মুম্বাই, কলকাতা, দাৰ্জিলিং, গেংটক, শিলিগুৰি, আগৰতলা, ভূৱনেশ্বৰ, আহমেদাবাদ, কোচি, নয়দা, দিল্লী, গুড়গাঁও, কেৰালাকে ধৰি ৪০ তকৈ অধিক ছবিগৃহত মুক্তি লাভ কৰিব । ৰাজ্যৰ বাহিৰত ছবিগৃহৰ সংখ্যা বৃদ্ধি হোৱাৰ আৰু সম্ভাৱনা আছে ।”তেওঁ লগতে কয়, “দেশৰ বিভিন্ন চহৰত অসমীয়া ছবি পূৰ্বতে কেতিয়াও মুক্তি নোহোৱা ছবিগৃহতো এইবাৰ ৰৈ ৰৈ বিনালে মুক্তি পাব । এনে ঘটনা পূৰ্বতে কেতিয়াও হোৱা নাছিল আৰু ভৱিষ্যতেও নহ’ব ছাগে । ভাৰতৰ বাহিৰতো ছবিখন মুক্তি লাভ কৰিব । পৰৱৰ্তী সময়ত দেশৰ বাহিৰত মুক্তি দিয়া হ’ব । ভাৰতৰ বাহিৰৰ কোন কোন দেশত মুক্তি লাভ কৰিব সেই বিষয়টো প্ৰযোজকে চোৱা-চিতা কৰিছে ।”