ডিজিটেল সেৱা, শিলচৰ: জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত প্ৰয়োগ কৰা কেতবোৰ নীতি-নিয়মক লৈ চলি থকা বিতৰ্কক লৈ কাছাৰৰ লক্ষীপুৰত শনিবাৰে সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰী । বলবৎ কৰা আইনৰ দোহাই দি মুখ্যমন্ত্ৰীয়ে সকীয়নি দিলে একাংশক । মুখ্যমন্ত্ৰীয়ে কয়, “আৰক্ষীয়ে কাকো বাধা নিদিয়ে । আইন মানুহৰ কাৰণে । আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব । কোনোবাই যদি বোলে আমি গোটেই ৰাতি যাম, যিসকল যাব, তাত যদি কিবা গণ্ডগোল হয় তাৰ তেওঁলোকেই দায়ী হ’ব । আমিতো জুবিনৰ সমাধিত পুলিচ-চি আৰ পি এফ লগাব নোৱাৰোঁ ।”যি মানুহে আইন ভংগ কৰিব আৰু পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব । কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল’ব । আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজেই বিপদত পৰিব কেতিয়াবা । কোনোবাই কোনোবাই মোক কৈছিল এঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে ১১ টা । “মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি কাছাৰৰ লক্ষীপুৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
জুবিনৰ সমাধিক্ষেত্ৰত বলবৎ কৰা আইন নামানিলে হ’ব বিপদ: মুখ্যমন্ত্ৰী