ডিজিটেল সেৱা,নগাঁও: নগাঁৱৰ বেঙেনাআটি ৰয়েল ক্লাৱৰ উদ্যোগত ২৭ ছেপ্টেম্বৰৰ পৰা বেঙেনাআটি আঞ্চলিক খেল পথাৰত চলি থকা জুবিন গাৰ্গ সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। চুড়ান্ত খেল কাৰ্বিআংলং ডেকাগাঁও ফুটবল ক্লাৱ আৰু ৰূপহী ফাকলি ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপুৰ্ণ খেলখনত কাৰ্বি আংলং ডেকাগাঁও ফুটবল ক্লাৱে ৰূপহী ফুটবল ক্লাৱক ৩ -১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। খেলৰ প্ৰথম অৰ্ধত দুয়োটা দলে ১ গলকৈ দিযে যদিও দ্বিতীয়াৰ্ধত ডেকাগাঁও ফুটবল ক্লাব দুটা গ’ল দি। জয়ৰ লক্ষ্যত উপনীত হয়। ফাকলি ফুটবল ক্লাৱে কেবাটাও সুযোগ লাভ কৰিছিল যদিও সফল নহল। খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ খেলুৱৈ ,সৰ্বাধিক গ’লদাতা ক্ৰমে ডেকাগাঁও ফুটবল ক্লাৱৰ ৰাজীৱ মিনচ্ আৰু বিৰেনদিচ কেৰকাটাক বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা ,ভোটাই পাঠৰি জিলা পৰিষদৰ সদস্যা স্বপ্নালী চাংকাকতি, সমাজসেৱক মাণিক আলি ,ডা: অমৰেন্দ্ৰ দেৱান, আনোৱাৰ হুছেইন জেষ্ঠ সাংবাদিক কনক হাজৰিকা বৈদ্যনাথ চাহানি ,ভাস্কৰজ্যোতি শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে জনদৰদী শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। খেল পৰিচালনা কৰে দুলাল আহমেদ ,কংকন বৰদলৈ ,মোজাহিদুল ইছলাম , চিৰাজুল ইছলামে। বিধায়ক ৰূপক শৰ্মাই বেঙেনাআটি আঞ্চলিক খেল পথাৰ মঞ্চৰ উন্নয়নৰ বাবে তিনিলাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে।
ৰয়েল ক্লাৱৰ উদ্যোগত জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা