ডিজিটেল সেৱা, নগাঁও : নগাঁও আৰক্ষীয়ে দেওবাৰে বিয়লি অভিযান চলাই এক সফলতা লাভ কৰে। নগাঁও চহৰৰ নতুন দলং খ্যাত দলংখনৰ সমীপৰ চামাদ্দাৰপট্টীত বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ শাখা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি এই অভিযান চলাই। আৰক্ষীয়ে এই সন্দৰ্ভত মজিবুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে মজিবু ৰহমানে দীৰ্ঘদিন ধৰি অবৈধভাবে ভাঙৰ ব্যৱসায় কৰি আহিছিল। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে মজিবুৰক জেৰা অব্যাহত ৰাখিছে।
নগাঁৱত বুজন পৰিমাণৰ ভাং জব্দ: এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ