ডিজিটেল সেৱা,গুৱাহাটী: ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শ্ল’গানেৰে বিজেপিৰ কৰ্মকৰ্তাসকলে গুৱাহাটীৰ ৰাজপথত সমদল কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত দেওবাৰে গুৱাহাটীত বিজেপিয়ে ন্যায় যাত্রা কৰে ।খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা বিজেপিৰ ন্যায় সমদলত অংশ লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় । ৰাইজৰ আহ্বানক ন্যায়ালয়ে যাতে গভীৰভাৱে গ্ৰহণ কৰি ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে ন্যায়ালয়কো অনুৰাগীসকলে আহ্বান জনায় । এচাম অশুভ আৰু ৰাজনৈতিক দলৰ একাংশই প্ৰাণৰ শিল্পীগৰাকীক ৰাজনীতিৰ মাজলৈ টানি অনা কার্যক বিজেপি দলে ধিক্কাৰ দিয়ে । সমদলত অংশ গ্ৰহণ কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, “জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ এক সম্পদ । তেওঁৰ ন্যায়ৰ বাবে আজি আমি সমবেত হৈছো । আমি অসমখনক অস্থিৰ কৰিব পৰা অশুভ শক্তিৰ বিৰুদ্ধেও সজাগ সচেতন হৈ থাকিব লাগিব । আমাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আৰু আস্থা আছে । এচাম মানুহে ৰাজনৈতিক অভিসন্ধিৰে আমাক জুবিনৰ অনুৰাগী নোহোৱা বুলি ক’ব বিচাৰে । আমি প্ৰত্যেকজনেই জুবিনৰ অনুৰাগী । জীৱিত কালত সমালোচনা কৰা সকল আজি জুবিনৰ অনুৰাগী হৈ পৰিছে।”
‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শ্ল’গানেৰে উত্তাল গুৱাহাটী