নগাঁৱত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভাৰম্ভনি আৰু চেক বিতৰণ অনুষ্ঠান

ডিজিটেল সেৱা, নগাঁও: উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাসী পদক্ষেপ “মুখ্যমন্ত্ৰী নিযুত মইনা ২.০” আঁচনিখন ২৭ অক্টোবৰ তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, সৰুসজাই, গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰে । সমগ্র ৰাজ্যজুৰি মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত অনুষ্ঠিত হোৱা এই অভিলাসী আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানটি নগাঁও জিলাখনৰো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ লগতে জিলাখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় ।

নেহৰুবালিত অনুষ্ঠিত এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । অনুষ্ঠানত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উপস্থিত থাকি ছাত্ৰী সকলৰ মাজত নিযুত মইনা আঁচনিৰ চেক সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।

বিধায়ক গৰাকীয়ে কন্যা শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে । তেখেতে উল্লেখ কৰে যে, নাৰী শিক্ষাৰ উত্তৰণত এই আঁচনিখনে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । এই আঁচনিখনৰ জৰিয়তে বাল্যবিবাহ প্ৰতিৰোধ, কিশোৰী অৱস্থাত মাতৃত্বৰ হাৰ কম কৰা, উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি সংখ্যা বৃদ্ধি আৰু কন্যা শিশুৰ স্বাস্থ্য,শিক্ষা আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিতকৰণত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত জিলাখনৰ মহাবিদ্যালয় পৰ্যায়ত- ৯,৬৩৩ গৰাকী , উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ-৫০০৫ আৰু দ্বিতীয় বৰ্ষৰ- ৪৭৩১ গৰাকী সৰ্বমুঠ- ১৯৩৬৯ গৰাকী ছাত্ৰী উপকৃত হৈছে ।

জিলাখনৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ লগতে নেহৰুবালি খেলপথাৰত অনুষ্ঠিত শুভ উদ্ধোধনী অনুষ্ঠানত আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত “নিযুত মইনা” আঁচনিৰ শুভ উদ্ধোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।

নেহৰুবালিৰ এই শুভ উদ্ধোধনী অনুষ্ঠানটিত জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) পংকজ নাগবংশী, নগাঁও পৌৰসভাৰ অধ্যক্ষ অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপাধ্যক্ষ সীমান্ত বৰা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েং, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথ, নগাঁও ছোৱালী মহাবিদ্যালয় অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাস,

নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া, কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱা, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, সমাজকৰ্মী দ্বয়- অভিজিত নাথ, ৰঞ্জিত বৰদলৈ ,নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ প্ৰমুখ্য কৰি জিলা পৰিষদৰ সদস্যসকল, নগাঁও পৌৰসভাৰ পাৰিষদ সকল আৰু মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু আৰু ছাত্ৰীসকল উপস্থিত থাকে ।

সমান্তৰালভাৱে জিলাখনৰ কলিয়াবৰ মহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্তই আৰু ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী , চামগুৰি মহাবিদ্যালয়ত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই আৰু ৰহা মহাবিদ্যালয়ত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে নিযুত মইনা আঁচনিখনৰ শুভ উদ্ধোধন আৰু চেক বিতৰণ কৰে ।

Related Articles