ডিজিটেল সেৱা, নগাঁও: নগাঁৱৰ কলা- সংস্কৃতি, নাট্যচৰ্চাৰ আগশাৰীৰ অনুষ্ঠান নগাঁও কলা মন্দিৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কলা মন্দিৰৰ ফৌজদাৰীপট্টীস্থ চৌহদত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে সদ্য প্ৰয়াত জনদৰদী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড : মিলন নেওগে কয় যে সুদীৰ্ঘ ৬৯ বছৰ ধৰি প্ৰজন্মৰ পাছত প্ৰজন্মই ধৰি ৰখাটো এক উল্লেখনীয় পদক্ষেপ। এনেধৰণৰ অনুষ্ঠানে একো একোটা অঞ্চলৰ কলা – সংস্কৃতি জীপাল কৰি ৰাখে। নামঘৰৰ প্ৰসঙ্গ উল্লেখ কৰি ড: নেওগে কয় যে নামঘৰ সামাজিক – সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ। নামঘৰক কেন্দ্ৰ কৰিয়েই অসমীয়া সমাজখন আজিও প্ৰাণৱন্ত হৈ আছে। তেওঁ লগতে কয় যে মন্দিৰ বুলিলে আমি সাধাৰণতে বুজি পাও মন্দিৰত পুজা পাৰ্বণ ,পুৰোহিতৰ মন্ত্ৰোচাৰণ আদিৰ চৰ্চা হয়। কিন্তু নগাঁৱৰ এই কলা মন্দিৰ কলা- সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰ হোৱাটো মনকৰিবলগীয়া বিষয়।

সুস্থ সমাজ গঢ়িবলৈ মানৱীয় প্ৰমুল্য বোধৰ প্ৰয়োজন বুলি উল্লেখ কৰি ড :নেওগে কয় যে এনেবোৰ অনুষ্ঠানে আমাৰ সমাজখনক সঠিক দিশত আগুৱাই নিয়াত পথ নিৰ্দেশনা দিয়ে। প্ৰসঙ্গক্ৰমে তেওঁ পঞ্চশীল নীতিৰ কথা উল্লেখ কৰে। যুৱ লেখক গৌৰাংগ বৰাই আতধৰা সভাত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি ,বিশিষ্ট সাংবাদিক কনক হাজৰিকাই ভাষণ প্ৰদান কৰি নগাঁও কলা মন্দিৰৰ স্মৃতি ৰোমন্থন কৰে। কলা মন্দিৰৰ সম্পাদক কিশোৰ দাসে পৰিচালনা কৰা সভাত শিল্পী পুণ্যদা বৰা , সমাজসেৱক ডা :মাধৱ চন্দ্ৰ দত্ত , গজেন বৰা ,কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং , শিক্ষক জাকিৰ হুছেইন বৰভুঞাকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি কলা মন্দিৰৰ বিষয়ববীয়া ,সদস্য, সদস্যা ,শুভাকাংখী আদিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে কলামন্দিৰৰ শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত কণ্ঠশিল্পী মুকুতা ৰাজাই জুবিন গাৰ্গৰ গীত পৰিবেশন কৰে। সভাত নগাঁও কলা মন্দিৰৰ শীৰ্ষ গীতৰ ৰচক ধৰ্ম প্ৰসাদ গোস্বামী আৰু বাদ্যযন্ত্ৰী ৰঞ্জন গোহাঁইক সম্বৰ্ধনা জনোৱা হয়। শলাগৰ শৰাই আগবঢ়াই মৌচম বৰাই।