ডিজিটেল সেৱা, ৰহা: স্বাস্থ্যৱান সমাজ স্বাস্থ্যৱান অসম’ৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ৰহা সমষ্টিটো ২৭ অক্টোবৰ তাৰিখে নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সম জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাৰ বিধান সভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰৰ ৭মটো বৃহৎ স্বাস্থ্য শিবিৰ সফলভাৱে অনুষ্ঠিত কৰা হয়। স্থানীয় বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত, দেৱাশীষ শৰ্মা আৰু জিলা যুটীয়া সঞ্চালক, ডাঃ তপন কুমাৰ শইকীয়াই এই শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে।

বিধায়ক গৰাকীয়ে জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা এই পদক্ষেপৰ বাবে প্ৰথমেই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰোপৰি জিলা আয়ুক্তগৰাকীয়ে ১৮ বছৰৰ ভিতৰৰ শিশুসকলক নিৰ্ধাৰিত ৰোগ সমূহৰ চিনাক্তকৰণত এই বৃহৎ স্বাস্থ্য শিবিৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে শিশুসকলক পৰৱৰ্তী পৰ্য্যায়ত বিনামূলীয়াকৈ উন্নত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে অৱগত কৰে আৰু ৰহা বিধান সভা সমষ্টিৰ এই বৃহৎ স্বাস্থ্য শিবিৰটো সুন্দৰভাৱে আয়োজন কৰাৰ বাবে ৰহা সমজিলা আয়ুক্তৰ লগতে জিলা স্বাস্থ্য সঞ্চালকৰ দলটিক কৃতজ্ঞতা জ্ঞাপন কৰে।

অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ, সমজিলাৰ আয়ুক্ত অংকিতা বৰা, আৰক্ষী অধীক্ষক সোণমণি শইকীয়া, ৰাজহ চক্ৰ বিষয়া ৰহা , সুপ্ৰভা ৰায়, ম’হকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, বাৰপুজীয়া খণ্ড প্রাথমিক চিকিৎসালয়, ডাঃ গুনগুবিনন্দ দত্ত, জিলা স্বাস্থ্য সমিতিৰ সমূহ বিষয়ববীয়া, পৌৰসভাৰ মেয়ৰ বন্তি হাজৰিকাৰ লগতে আঞ্চলিক পঞ্চায়ত, ৰহা আৰু বাৰপূজিয়া স্বাস্থ্য কেন্দ্ৰৰ বিষয়াববীয়া, পঞ্চায়তৰ সভাপতি তথা সদস্যসকল,দলীয় সহযোগীসকলৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। স্বাস্থ্যজনীত বিভিন্ন আঁচনিসমূহৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে দৃশ্য শ্ৰব্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয়।

এই শিবিৰত মুঠ ৩৪৩৮গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে প্ৰায় ২৩৯ গৰাকী লোকক পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, ম’বাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’পিডি, আয়ুষ আৰু কেঞ্চাৰ অ’পিডি স্থাপন কৰাৰ লগতে ম’বাইল মেডিকেল ইউনিট, এন. চি. ডি, বিশেষভাৱে সক্ষম শিশুৰ বাবে আবেদন আদিৰ ব্যৱস্থা কৰা হয়।