অপহৰণ আৰু ধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ

ডিজিটেল সেৱা, গুৱাহাটী: দেওবাৰে নিশা অপহৰণ আৰু ধনদাবীৰ গোচৰত লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ এপ’ল’ গ্ৰেণ্ড হোটেলত সোমবাৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে সংবাদমেল সম্বোধন কৰিছিল ।সংবাদমেল সম্বোধন কৰি থকা সময়তে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক । গুৱাহাটী মহানগৰ পূবৰ ডি চি পি মৃণাল ডেকাৰ নেতৃত্বত অহা এটা দলে দুয়োজনকে আটক কৰি দিছপুৰ থানালৈ লৈ যায় ।সংবাদমেল সম্বোধন কৰি ৰণ্টু পানীফুকনে কয়, “ধনদাবী ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন আমাৰ সদস্য নহয় । গ্ৰেপ্তাৰ হোৱা আঠজনৰ ভিতৰত দুজন আমাৰ । নিতু অসম ৰঙিয়াৰ সেনা আছিল যদিও তেওঁক এমাহ পূৰ্বে দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে । আনহাতে, আনজনে ঘটনাৰ খবৰ পাই তালৈ গৈছিল, তেওঁক বেআইনীভাৱে লাচিত সেনাৰ সদস্য বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বাকীসকল আমাৰ সদস্য নহয় ।”তেওঁ লগতে কয়, “কিন্তু যিজনৰ পৃষ্ঠপোষকতাত অপহৰণ তথা ধনদাবীৰ ঘটনাটো হৈছে, বিশ্বজিত দলে, তেওঁক প্ৰভাৱশালী ব্যক্তিৰ সৈতে জড়িত থকাৰ ফটো পোৱা গৈছে । অতুল বৰাকে ধৰি বিজেপিৰ নেতাসকলৰ লগত তেওঁৰ ফটো পোৱা গৈছে । তেওঁ আমাৰ লগত জড়িত নহয় । আনহাতে, এই ঘটনাৰ লগত বিকাশ অসমৰ নাম জড়িত হৈ পৰিছে আৰু বীৰ লাচিত সেনাৰ নথি-পত্ৰ পোৱা গৈছে । সেয়েহে ইয়াৰ বাবে এখন তদন্ত কমিটী গঠন কৰি দিয়া হৈছে । দুই-এদিনতে তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰিব ।”মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত ৰণ্টু পানীফুকনে কয়, “মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে য়ে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক লৈ তেওঁ অসন্তুষ্ট । সেয়ে লাচিত সেনাক আমি নিষিদ্ধ ঘোষণা কৰিব লগিব বুলি মন্তব্য কৰিছে । যোৱা কেইবছৰত লাচিত সেনাই আইন-শৃংখলা আৰু জাতিটোৰ ক্ষতি হোৱাকৈ কি কাম কৰিলে যে বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব । যোৱা এটা মাহ ৰাইজৰ লগত আছোঁ । ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আমিও তাৰ লগত আছোঁ ।”যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে বীৰ লাচিত সেনাৰ কামৰূপৰ মুখ্য সচিব বিকাশ অসম ।দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৮ জনৰ ভিতৰত পাঁচজনেই বীৰ লাচিত সেনাৰ সদস্য । এই কথা উল্লেখ কৰি গুৱাহাটী মহানগৰ পূব ডি চি পি মৃণাল ডেকাই সংবাদ মাধ্যমৰ আগত কয়, “ৰাহুল মিশ্ৰ নামৰ লোকজনক অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিশ্বজিত দলে, ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতা । ইয়াৰে ভিতৰত চিন্ময় দেৱ, ৰিয়াজ আহমেদ মাটিৰ দালাল । আনহাতে, গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ সদস্য বিশ্বজিত দলে আৰু নিতু আহমেদৰ বিৰুদ্ধে পূৰ্বেও গোচৰ ৰুজু হৈ আছিল ।”তেওঁ লগতে কয়, “ধৃতকেইজনৰ লগতে জব্দ কৰা বাহন দুখনৰ পৰা বহু আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে ।‌ দেওবাৰে নিশা ৯.৩০ বজাত আৰ্শাদ খান নামৰ লোকজনে আৰক্ষীক খবৰ দিছিল যে তেওঁৰ বন্ধু ৰাহুল মিশ্ৰক বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ পৰা অপহৰণ কৰি লৈ যায় । তেওঁৰ মুক্তিৰ বিনিময়ত ১৫-২০ লাখ টকা দাবী কৰিছে । সেই খবৰ পোৱাৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত গৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে অভিযান চলাই ডাউন টাউনৰ ত্ৰিবেণী পথৰ পৰা অপহৃত লোকজনক উদ্ধাৰ কৰাৰ লগতে ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।”

Related Articles