নগাঁৱত ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ ‘তদাৰকী সজাগতা সপ্তাহ পালন

ডিজিটেল সেৱা, নগাঁও: “সততাই শ্ৰেষ্ঠ নীতি” ভাৰতীয় সংস্কৃতি আৰু জীৱন-দৰ্শনৰ এক মূল আদৰ্শ । সততাৰে পৰিপূৰ্ণ এক সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিটো স্তৰৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাটো অতি প্ৰয়োজন। দুৰ্নীতিয়ে আমাৰ আৰ্থ-সামাজিক পৰিকাঠামো দুৰ্বল কৰাৰ লগতে সমগ্ৰ সমাজ ব্যৱস্থাটোকে কলুষিত কৰে। ৰাজহুৱা তথা ব্যক্তিগত জীৱনত সততা, স্বচ্ছতা আৰু নৈতিক আচৰণক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ ‘তদাৰকী সজাগতা সপ্তাহ, ২০২৫’ (Vigilance Awareness Week, 2025) পালন কৰি থকা হৈছে। এই সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ২৯ অক্টোবৰ তাৰিখে নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত এক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ‘সততাৰ শপত’ বাক্য (Integrity Pledge) পাঠ কৰে।উক্ত অনুষ্ঠানত সমাজ-ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰি ৰখাৰ স্বাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগতে নিজৰ কৰ্তব্যনিষ্ঠা আৰু সততা বজাই ৰাখিবলৈ সকলোৱে সংকল্পবদ্ধ হয়।

Related Articles