বড়োলেণ্ড চুক্তি ৰূপায়নৰ দাবীত নগাঁৱত বড়ো ছাত্র সন্থাৰ সমদল

ডিজিটেল সেৱা, নগাঁও: বড়োলেণ্ড চুক্তি ২০২০ ৰূপায়ন কৰাৰ দাবীত আজি নগাঁও চহৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)নগাঁও জিলা সমিতিৰ উদ্যোগত এক বৃহৎ সমদল উলিওৱা হয়।নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁওস্থিত জনজাতি জিৰণি গৃহৰ পৰা নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মী সকলে সমদল কৰি আহি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।সমদল কাৰী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দিয়া পৰিলক্ষিত হয়। নিখিল বড়ো ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি গুপ্তা এছ বড়ো আৰু সাধাৰণ সম্পাদক নৃপেন বালাৰিৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ নেতা ,কৰ্মী সকলে সমদলত অংশগ্ৰহণ কৰে। সমদলৰ অন্তত বড়োলেণ্ড চুক্তি ২০২০ শীঘ্ৰে ৰূপায়নৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ নগাঁও জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড : হিমন্ত শৰ্মালৈ সন্থাৰ নগাঁও জিলা সমিতিয়ে প্ৰেৰণ কৰে‌।

Related Articles