মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰিলে জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’

ডিজিটেল সেৱা : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আধৰুৱা সপোন সাৰ্থক হ’বলৈ আৰু মাত্ৰ দুখোজ বাকী । আগন্তুক ৩১ অক্টোবৰ তাৰিখে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পোৱাৰ সমান্তৰাললৈ বহিঃৰাজ্যৰো প্ৰায় ৪৬ টা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে । ছবিখনে মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে । প্ৰায় এসপ্তাহলৈ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে ।ইফালে যুদ্ধকালীন প্ৰস্তুতিৰে ছবিখনৰ মুক্তিৰ কাম চলাই নিছে ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে । ৩১ অক্টোবৰত ছবিগৃহলৈ অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা ‘ৰৈ ৰৈ বিনালে’ ৷ BookMyShow ত ইতিমধ্যে সকলো শ্ব’তে হালধীয়া ৰং দেখা গৈছে, ইয়াৰ পৰা বুজা গৈছে যে সকলো ছিট ইতিমধ্যে ভৰি পৰিছে । প্ৰি-বুকিং আৰম্ভ কৰাৰ এঘণ্টাৰ ভিতৰতে ৭ হাজাৰৰো অধিক টিকট বিক্ৰী হৈছিল আৰু এতিয়াও বুকিং চলি আছে ।ছবিখনৰ আগতীয়া বুকিঙে অসমীয়া ছবিজগতত অভূতপূৰ্ব ধাৰা গঢ়ি তুলিছে । গুৱাহাটীত চিনেমাগৃহসমূহে প্ৰায় সকলো স্ক্ৰীণ ‘ৰৈ ৰৈ বিনালে’ৰ নামত উছৰ্গা কৰিছে ৷ লক্ষণীয় কথা যে আন চিনেমাৰ শ্ব’ বাতিল কৰিছে ছবিগৃহসমূহে ৷ ৰৈ ৰৈ বিনালেৰ শ্ব’ পুৱা ৬ বজাৰ পৰাই আৰম্ভ হৈছে ।থিয়েটাৰ আৰু মাল্টিপ্লেক্সসমূহে জুবিন গাৰ্গৰ শেষৰখন ছবিৰ সৈতে অনুৰাগীৰ আৱেগিক সংযোগ আৰু ইয়াৰ ব্যৱসায়িক সম্ভাৱনা দুয়োটাই স্পষ্টভাৱে বুজি উঠিছে । চিনেপলিছত ১৯ টা শ্ব’, পি ভি আৰ চিটি চেণ্টাৰ আৰু আইনক্সত (অৰাছ)ৰ ১৬ টা শ্ব’, মেট্ৰিক্স চিনেমাত ১২ টা শ্ব’ আৰু গ্ৰেণ্ড ৰয়েল চিনেছত ১১ টাকৈ শ্ব’ চলোৱা হ’ব ছবিখনৰ । গুৱাহাটীৰ আন আন ছবিগৃহতো ৰৈ ৰৈ বিনালেৰ বাবে অধিক শ্ব’ নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অসমৰ আন আন চহৰতো একেই ধাৰা দেখিবলৈ পোৱা গৈছে ।অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ পূৰ্বেই নলবাৰীৰ টিহুত ন-ৰূপত প্ৰাণ পাই উঠিল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ । টিহুবাসীৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ কৰি টিহুত ১৯৪৪ চনতে স্থাপিত গান্ধী ভৱনটো ন-ৰূপত সাজু কৰি বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।এই গান্ধী ভৱনটো উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উদ্বোধনৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । উল্লেখ্য যে ৩১ অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ সপোনৰ ছবি তথা অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা ‘ৰৈ ৰৈ বিনালে’ । ৰাজ্যবাসী অধিক আগ্ৰহেৰে ৰৈ আছে ৩১ অক্টোবৰলৈ । তেনে সময়তে প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে ন-ৰূপ দিয়া হয় গান্ধী ভৱনক । ইপিনে নলবাৰীতো ৭ দিনলৈ সকলো দৰ্শনীৰে টিকট বুকিং হৈছে বুলি নলবাৰীৰ একমাত্ৰ ছবিগৃহ চোটু মহাৰাজ কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে ।কেৱল সপ্তমটো দিনৰ নিশাৰ ১০ বজাৰ দৰ্শনীৰহে কেইটামান টিকট খালী আছে বুলিও আমাক জনায় কৰ্তৃপক্ষই । ছবিগৃহ কৰ্তপক্ষই জানিবলৈ দিয়ে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চোটু মহাৰাজ আৰু হোটেল কিউ গ্ৰীণৰে আছিল এক কালজয়ী সম্পৰ্ক । সেয়েহে এদিনতে পুৱা ১০ বজাৰ পৰা নিশালৈ দৈনিক ৫ টাকৈ দৰ্শনীৰ আয়োজন কৰিছে কৰ্তৃপক্ষই । অফলাইন টিকট বিচাৰি গ্ৰাহক যদিও ছবি গৃহলৈ অহা নাই, শতকৰা হিচাপত ৯৫ শতাংশ টিকট এতিয়ালৈ বিক্ৰী হৈ গৈছে । যেতিয়ালৈকে নলবাৰীবাসী বা অসমবাসীয়ে ছবিখন চাবলৈ বিচাৰিব তেতিয়ালৈ অন্য ছবি চোটু মহাৰাজত প্ৰদৰ্শন কৰা নহয় বুলিও কৰ্তৃপক্ষই জনায় ।কৰ্তৃপক্ষই লগতে আৰু কয়, “স্বত্বাধিকাৰী আচিফ ইজাজৰ পৰামৰ্শত যেতিয়ালৈকে নলবাৰীবাসী, অসমবাসীয়ে চিনেমাখন চাই শেষ নহয়, তেতিয়ালৈ ৰৈ ৰৈ বিনালে নলবাৰীৰ চোটু মহাৰাজত প্ৰদৰ্শিত হৈ থাকিব । অন্য কোনো ছবি প্ৰদৰ্শিত নহয় ।”তেওঁলোকৰ ছবি গৃহত এটি দৰ্শনীত ১৫০ খন আসন আছে । কোনো ধৰণৰ টিকট মূল্য বৃদ্ধি নোহোৱাকৈ পূৰ্বৰ আসন মূল্যৰেই “ৰৈ ৰৈ বিনালে” ছবিখন প্ৰদৰ্শিত হ’ব বুলিও অৱগত কৰে কৰ্তৃপক্ষই ৷ নলবাৰীবাসীক প্ৰাণৰ শিল্পীগৰাকীৰ হেঁপাহৰ ছবিখন চাই থাকিবলৈ বিচৰালৈকে দেখুৱাব বুলি জানিবলৈ দিয়ে তেওঁলোকে ।আনহাতে জুবিন গাৰ্গ গৃহ চহৰ যোৰহাটৰ ইলি, আইনস্ক ছবিগৃহত এসপ্তাহলৈকে টিকট বুকিং শেষ হৈছে ৷ইয়াৰ তাৰ লগতে বন্ধ হ’বলৈ উপক্ৰম হোৱা যোৰহাটৰ পুৰণি চিনেমা হল ‘স্মৃতিগোপাল’ক পুনৰ প্ৰাণ দিলে ৰৈ ৰৈ বিনালে ।হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অভিনয় কৰা অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালেলৈ দৰ্শকৰ বিপুল সমাদৰ দেখিবলৈ পোৱা গৈছে ৷ নতুনকৈ টিকট কাটিবলৈ আপুনি অপেক্ষা কৰিব লাগিব ৫ নৱেম্বৰলৈকে । কিয়নো গোলাঘাট গ’ল্ড চিনেমা হলত ৩১ অক্টোবৰৰ পৰা প্ৰদৰ্শন হ’বলগীয়া এই ছবিখনৰ ৪ নৱেম্বৰলৈকে সকলো টিকট বিক্ৰী হৈ গৈছে ।গোলাঘাটৰ একমাত্ৰ ছবি গৃহ গ’ল্ড ডিজিটেল চিনেমা সম্পূৰ্ণৰূপে সাজু হৈছে উঠিছে এই ছবিখনৰ প্ৰদৰ্শনৰ বাবে । গোলাঘাট গ’ল্ড ডিজিটেল চিনেমাৰ তত্বাৱধায়কে কয়, “৩১ তাৰিখৰ পৰা ৰৈ ৰৈ বিনালে ছবিৰ টিকট মুকলি কৰি দিয়া হৈছে । অনলাইন আৰু অফলাইন যোগে ৪ তাৰিখলৈকে ৰাইজৰ ভাল সঁহাৰি লাভ কৰিছোঁ । বৰ্তমান ৪ নৱেম্বৰলৈকে সকলো দৰ্শনীৰ টিকট বিক্ৰী হৈছে ৷ বাকী ৰাইজৰ বাবে আমি আকৌ টিকট উপলব্ধ কৰিম । বাকী টিকট লাভ নকৰাসকলে ধৈৰ্য্য ধৰক, সকলোৱে ছবিখন চাবলৈ পাব । ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আমি ছবিখনৰ প্ৰদৰ্শন বৃদ্ধি কৰিম বুলি ভাবিছোঁ । প্ৰথম দিনা পাঁচবাৰ প্ৰদৰ্শন কৰা হ’ব ।”জুবিন গাৰ্গৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰদৰ্শনৰ বাবে এতিয়া ৰাজ্যত খোল খাইছে বন্ধ হৈ যোৱা একাধিক চিনেমা হল । ৰাজহুৱা ভৱন পৰিৱৰ্তিত হৈছে চিনেমা হললৈ ৷ ৰাজ্যৰ কেইবাটাও মৃতপ্ৰায় ছবি ঘৰে যেন নতুন জীৱন লাভ কৰাৰ দিশে আগবাঢ়িছে । তাৰ ভিতৰত অন্যতম জাগীৰোডৰ ’গণেশ টকীজ’ ৷অসমবাসীৰ বুকুৰ স্পন্দন প্ৰয়াত জুবিন গাৰ্গৰ মিউজিকেল চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ ৩১ অক্টোবৰত শুভ মুক্তিৰ বাবে আগ্ৰহেৰে ৰৈ আছে অসমবাসী ৷ ৰাজ্যৰ মুঠ ৮৬ টা ছবিগৃহত মুকলি হ’ব জুবিন গাৰ্গৰ ১৭ বছৰৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ । পুৱা ৫ বজাৰ পৰা নিশা ২.৫ বজালৈ বিভিন্ন ছবিগৃহত চলিব জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন । কিন্তু উদগ্ৰীৱেৰে ৰৈ থকা অসমবাসীৰ আগ্ৰহ অনুসাৰে নাই ছবিখন প্ৰদৰ্শনৰ বাবে ছবিঘৰ ৷দৰ্শকৰ আগ্ৰহলৈ লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডত পূৰ্ণ প্ৰস্তুতি চলিছে বিগত ৬ বছৰে বন্ধ হৈ থকা ‘গণেশ টকীজ’ নামৰ ছবিঘৰটো পুনৰ মুকলি কৰাৰ । ৰাজ্যৰ আন আন ছবিগৃহসমূহৰ লগতে ৩১ অক্টোবৰৰ দিনাই পুনৰ সাজু কৰি তোলা ছবিগৃহটোত ‘ৰৈ ৰৈ বিনালে’ই মুক্তি লাভ কৰিব ৷১৯৭৩ চনত জুৰীয়াৰ বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক তথা সাংস্কৃতিক কৰ্মী মহিকান্ত শইকীয়াই নগাঁও চহৰৰ ধিং গেইটত প্ৰতিষ্ঠা কৰা দিব্যজ্যোতি চিনেমা হলটোৱেই এতিয়া যেন ভৰসা হৈ পৰিছে ছবিপ্ৰেমীৰ বাবে । এতিয়া মুক্তিৰ পূৰ্বেই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ নগাঁৱৰ লক্ষাধিক জুবিন অনুৰাগীৰ ভৰসা হৈ পৰিছে দিব্যজ্যোতি চিনেমা হল ।নগাঁও চহৰৰ পৰা প্ৰায় ৭-৮ কিলোমিটাৰ নিলগৰ তথা ভি আই পি ব্যৱস্থা থকা অপেৰা চিনেমা হলতো টিকট বিচাৰি নোপোৱাৰ লগতে সাধাৰণ জুবিন অনুৰাগীয়ে দিব্যজ্যোতি হলত টিকট বিচাৰি হাহাকাৰ কৰিছে । এনে পৰিস্থিতিত অন্তিম দৰ্শক বাকী থকা অৱস্থালৈ দিব্যজ্যোতি চিনেমা হলত জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে চলাবলৈ আহ্বান জনাই দৰ্শকে ।আগন্তুক তিনিমাহৰ বাবে ছবিখন বুকিং কৰা দিব্যজ্যোতি চিনেমা হল কৰ্তৃপক্ষই প্ৰয়োজনত আগন্তক এবছৰ অথবা দুবছৰলৈকে দেখুৱাব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে । অন্তিমগৰাকী অনুৰাগী বাকী থাকিলেও চিনেমা হল কৰ্তৃপক্ষই বন্ধ নকৰে ‘ৰৈ ৰৈ বিনালেৰ’ প্ৰদৰ্শনী ।২৪০ খন আসনৰ ব্যৱস্থা থকা দিব্যজ্যোতি চিনেমা হল কৰ্তৃপক্ষই পূৰ্বে তিনিটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছিল যদিও জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ বাবে এতিয়া দৈনিক চাৰিটাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে । প্ৰয়োজনত দৈনিক পাঁচটাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব বুলিও অৱগত কৰে দিব্যজ্যোতি চিনেমা হল কৰ্তৃপক্ষই ।এতিয়া সকলোৰে কেৱল এটাই অপেক্ষা, কেনেদৰে চাবলৈ সুযোগ পাব জুবিন গাৰ্গৰ অন্তিমখন সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ ।

Related Articles