ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে গৰিমা গাৰ্গে

ডিজিটেল সেৱা, গুৱাহাটী: মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম।জুবিন গাৰ্গৰ কথা ৰাখি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় ।ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়া হয় । পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে । সমান্তৰালকৈ যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় জুবিনৰ চিতাভস্ম । অৰুণ গাৰ্গৰ উপস্থিতিত যোৰহাটত বিসৰ্জন দিয়া হয় চিতাভস্ম ।জীৱিত কালত বিভিন্ন বাৰ্তালাপত জুবিন গাৰ্গে প্ৰায়ে কৈছিল যে তেওঁক যাতে মৃত্যুৰ পাছত মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় ৷ তেওঁৰ কথা মতেই আজি তেওঁৰ ইচ্ছা পূৰণ কৰিলে পত্নীৰ লগতে আত্মীয়স্বজন আৰু গুণমুগ্ধই ৷ গুৱাহাটীৰ লগতে যোৰহাটতো প্ৰিয় শিল্পীগৰাকীৰ চিতাভস্ম বৰলুইতত উটুৱাই দিলে পৰিয়ালৰ লোকে । মৰমৰ শিল্পীগৰাকীৰ গৃহ চহৰ যোৰহাটত জিলা প্ৰশাসনৰ উদ্যোগত নিমাতী ঘাটত জুবিন গাৰ্গৰ চিতাভস্ম বিৰ্সজন দিয়া হয় ।ধৰ্মীয় ৰীতি-নীতিৰে জুবিন গাৰ্গৰ পৰিয়ালৰ সহায়ক তথা ভ্ৰাতৃসম অৰুণ গাৰ্গ, জুবিন গাৰ্গ ফেন ক্লাৱ, আত্মীয়, বন্ধু বৰ্গ আৰু জিলা প্ৰশাসনৰ লোকৰ উপস্থিতত মহাবাহুত চিতাভস্ম বিৰ্সজনৰ কাম সম্পন্ন কৰা হয় । অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিৰ্সজন দিয়ে অৰুণ গাৰ্গে ।জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন কৰি কান্দোনত ভাগি পৰে অৰুণ গাৰ্গ আৰু আত্মীয় । বিসৰ্জনৰ কৰ্ম সম্পাদনৰ পিছতে জুবিন গাৰ্গৰ ন্যায় দাবী কৰি অৰুণ গাৰ্গে কয়, “আজি ৪০ দিন হ’ল, মোৰ দাদাই কিয় ন্যায় পোৱা নাই ? বৌৱে দিন-ৰাতিয়ে সদায় কান্দিয়ে থাকে, মই বৌক কামৰ কথাও সুধিব নোৱাৰা দৰে পৰিস্থিতি হৈছে । দাদা ছিংগাপুৰলৈ যোৱা আৰু ভিডিঅ’বোৰ কি হ’ল ? ছিংগাপুৰত থকাসকলে সেই সময়ত কি কৰি আছিল, তেওঁলোকে মোৰ দাদাক ব্যৱহাৰ কৰিলে, তেওঁ মোৰ দাদাই নাছিল মোৰ সকলো আছিল । কোনোবাই কয় ভগৱানক বিচাৰি নাপায়, কিন্তু মোৰ ভগৱান ওচৰতে আছিল । মই বেছি সময় বৌৰ লগত আছিলো, সেয়েহে দাদাক মই প্ৰগেমতহে বেছি পাইছিলোঁ ।”আনহাতে জুবিন গাৰ্গৰ পেহীয়েকে কয়, “জুবিনক সোনকালে ন্যায় দিয়ক । এই ন্যায় পানী নসৰকা হ’ব লাগে । আমাৰ শিশু সুলভ গল্ডীক কিয় তালৈ লৈ যোৱা হ’ল, কিয় পানীত নামিবলৈ দিয়া হ’ল ? তাৰ উত্তৰ আমাক লাগে…। তাৰ স্বাস্থ্যৰ কথা সকলোৱে জানিছিল । তাৰ পিছতো কিয় আমাৰ গল্ডীক সেয়া কৰিবলৈ দিয়া হ’ল । আমি তাৰ নিজৰ মানুহ আছিলোঁ, কিন্তু তাৰ পিছতো তাৰ ওচৰলৈ যাবলৈ আমি সুবিধা পোৱা নাছিলোঁ ।”উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ । জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছিল সমগ্ৰ ৰাজ্য । জুবিনবিহীন বিগত ডেৰটা মাহ ৰাজ্যবাসীয়ে কিদৰে কৰিছে সেই অনুভৱ শব্দৰে গথা টান । উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্ত এছ আই টিয়ে অব্যাহত ৰাখিছে । মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সম জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, সহশিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

Related Articles