চকীটুপ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মেনকা ধৰদাশ পুৰকায়স্থৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সেৱা, নগাঁও : নগাঁও চহৰৰ প্ৰাথমিক শিক্ষাৰ অগ্ৰণী অনুষ্ঠান চকীটুপ মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰে এক বিদায় সম্বৰ্ধনা জনাই। সভাৰ আৰম্ভণিতে অসমৰ জনদৰদী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও প্ৰিণ্ট মিডিয়া এছ’ ছিয়েশ্বনৰ সভাপতি তথা বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কয় এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে জীৱনৰ এক দীৰ্ঘ সময় শিক্ষাৰ্থী সকলক তেওঁৰ
লোকৰ জীৱন গঢ়াত পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে। শিক্ষক, ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ সমন্বয়তহে শিক্ষাই প্ৰকৃত গতি লাভ কৰে। ছাত্ৰ -ছাত্ৰীৰ ভবিষ্যতে নিৰূপনত শিক্ষক সমাজৰ ভুমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি হাজৰিকাই কয় যে ছাত্ৰ – ছাত্ৰী সকলে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি গলেহে সফলতা লাভ কৰিব পাৰিব। অধ্যয়নৰ সামান্তৰালভাবে খেলা- ধুলা ,সংগীত চৰ্চা আদি বিষয়তো ছাত্ৰ – ছাত্ৰী সকলক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।

শিক্ষক বিকাশ মজুমদাৰে আঁতধৰা অনুষ্ঠানত আজি অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ জেষ্ঠ শিক্ষয়িত্ৰী মেনকা ধৰদাশ পুৰকায়স্থক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হয়। সভাত প্ৰধান শিক্ষয়িত্ৰী ত্ৰিবেণী নাথ ,শিক্ষক -শিক্ষয়িত্ৰী ক্ৰমে কবিতা শইকীয়া , নিবেদিতা দেউৰী ,সজল ৰয় আদিয়ে অৱসৰী শিক্ষয়িত্ৰী গৰাকীৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁ সদায় নিয়মানুবৰ্তিতা আৰু সময় নিষ্ঠাৰ ওপৰত গুৰুত্ব দিছিল। ছাত্ৰ- ছাত্ৰী সকলক সঠিক শিক্ষা দিছিল। সভাত প্ৰাক্তন ছাত্র তথা অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ প্ৰাক্তন কৰ্মী দেবু দত্ত ,প্ৰাক্তন শিক্ষাৰ্থী টিংকু বৰ্মণ, আব্দুলা আহমেদ ,দিশা বৰ্মণ ,কবিতা বণিক ,ৰূপা বৰ্মণ ,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমীৰ চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে।সভাত কেবাগৰাকী শিক্ষাৰ্থীয়ে অৱসৰী শিক্ষয়িত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। সভাত অবসৰী শিক্ষয়িত্ৰী মেনকা ধৰদাশ পুৰকায়স্থই নিজৰ অনুভৱ ব্যক্ত কৰি আবেগিক হৈ পৰে। শলাগৰ শৰাই আগবঢ়াই প্ৰধান শিক্ষয়িত্ৰী ত্ৰিবেণী নাথে।

Related Articles