ডিজিটেল সেৱা, ধিং: প্ৰতি বছৰে সমগ্ৰ দেশতে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিন ৩১ অক্টোবৰ তাৰিখটি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয় । ইয়াৰে লগত সংগতি ৰাখি শুকুৰবাৰে ধিং আৰক্ষী থানাৰ উদ্যোগত থানাৰ প্ৰাংগণত ৰাষ্ট্ৰীয় একতা দিৱসটি আড়ম্বৰপূৰ্ণ ভাবে উদযাপন কৰা হয় । অনুষ্ঠানটিৰ আৰম্ভনিতেই লৌহ মানৱ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইয়াৰ পিছতেই এই উপলক্ষে এক সমূহীয়া একতাৰ দৌৰ বাহিৰ কৰা হয় । এই একতা দৌৰত ধিং আৰক্ষী চকীৰ আৰক্ষী বিষয়া, কৰ্মচাৰীসকলৰ লগতে ধিং আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ প্ৰতিনিধি, স্থানীয় স্বেচ্ছাসেৱী সন্থাৰ প্ৰতিনিধি আৰু বহুসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
নগাঁও জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন