ডিজিটেল সেৱা, নগাঁও: নগাঁও আইন মহাবিদ্যালয় আৰু আদ্য চচাইটি ইন্সটিটিউট ফৰ মেনেজমেণ্ট এণ্ড লিগেল ষ্টাডিজৰ সহযোগত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে এখন ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰ গাইডেন্স কৰ্মশালা অনুষ্ঠিত হয়। নগাঁও আইন মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুজাতা ভট্টাচাৰ্যই আদৰণি ভাষন আগবঢ়াই।আদৰণি ভাষনত ডঃ ভট্টাচাৰ্যই আইন শিক্ষাৰ সামগ্ৰীক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেঁও কয় যে-প্ৰকৃত আইনী শিক্ষা গ্ৰহণৰ বাবে পাঠ্যপুথি আৰু কেচ ল’ৰ বাহিৰলৈ যাব লাগিব।এনে কৰ্মশালাই ছাত্র-ছাত্রী সকলক আত্মবিশ্বাসী দায়িত্বশীল আৰু সামাজিকভাবে সচেতন,পেচাদাৰী হিচাপে গঢ় লবলৈ শিকাই।তদুপৰি সততা ৰক্ষা কৰি দয়ালু হবলৈও শিকায়। উল্লেখযোগ্য যে ডঃ ভট্টাচাৰ্যৰ অন্তদৃষ্টি সম্পন্ন কথাবোৰে দিনটোৰ কাৰ্যসূচীৰ গতি নিৰ্ধাৰণ কৰে আৰু এজন সফল অধিবক্তা গঠনৰ ক্ষেত্ৰত শৈক্ষিক উৎকৰ্ষতা আৰু সফল ব্যক্তিত্ব বিকাশৰ মাজত ভাৰসাম্যৰ প্ৰয়োজনীয়তা উজ্বল কৰি তুলে। ইয়াৰ পিচতেই গৌহাটি উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা আদ্য চচাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক মিতালী দুৱৰাই উদ্বোধনী ভাষন প্ৰদান কৰে। অধিবক্তা দুৱৰাই উল্লেখ কৰে যে আইনী বৃত্তিটো কেৱল কেৰিয়াৰ নহয়। ই এক সেৱা আৰু দায়বদ্ধতা তথা আহ্বান। তেওঁ ছাত্র-ছাত্রী সকলক কৰ্মশালাখনক শৈক্ষিক শিক্ষণ আৰু পেচাদাৰী প্ৰস্তুতিৰ মাজত ব্যৱধান দূৰ কৰাৰ সুযোগ হিচাপে উৎসাহিত কৰে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে মিতালী দুৱৰাৰ লগতে আন দুজন বিশেষ বক্তাই তেওঁলোকৰ গৱেষণামূলক তথা অভিজ্ঞতাপূৰ্ণ ভাষন প্ৰদান কৰে।এন ই এ ডি আৰ চলিউচন(অ পি চি) প্ৰাইভেট লিমিটেডৰ সঞ্চালক জাহ্নবী বৰুৱাই বিভিন্ন ধৰণৰ আইনী কেৰিয়াৰৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানত গৌহাটি উচ্চ ন্যায়ালয়ৰ অধিবক্তা ববিতা পালে আইনৰ পেচাদাৰী নৈতিকতা ওপৰত বক্তব্য আগবঢ়ায় ।
আইন মহাবিদ্যালয়ত ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰ গাইডেন্স কৰ্মশালা