উচ্ছেদৰ জাননী প্ৰত্যাহাৰৰ দাবীত জিলা আয়ুক্তক স্মাৰক প্ৰত্ৰ প্ৰদান

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ উলুমগুৰি, পদুম পুখুৰী,বৰ পুখুৰী,ৰানী পুখুৰী,লুটুমাৰী আৰু লংজাপ জৰিপ নোহোৱা গাঁও(এন.চি)ৰ বাসিন্দা সকললৈ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ সংমণ্ডল প্রাধিকাৰী বিষয়াই যোৱা ৮ অক্টোবৰত প্ৰেৰণ কৰা উচ্ছেদৰ জাননী প্ৰত্যাহাৰৰ দাবীত আজি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা,অসম ৰজ্যিক কৃষক সভা আৰু অসম ৰাজ্যি পৰিষদ নিখিল ভাৰত কৃষক সভাই নগাঁও জিলাৰ আয়ুক্তক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত অসম ৰাজ্যিক কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি গোবীনচন্দ্ৰ নাথ আৰু নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক পৰিষদৰ সভাপতি ৰাতুল বৰাই জনোৱামতে নগাঁও জিলা আয়ুক্তৰ অনুপস্থিতিত সহকাৰী আয়ুক্ত শিল্পী শিখা পণ্ডিতে স্মাৰক প্ৰত্ৰখন গ্ৰহণ কৰে । লগতে শীঘ্ৰে জিলা আয়ুক্তৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰো আশ্বাস প্ৰদান কৰে। তেওঁলোকে জনাই যে, নগাঁও বন সংমণ্ডল বিষয়াকো সজাতি দলটোয়ে সাক্ষাৎ কৰি জিলা আয়ুক্তক প্ৰদান কৰা স্মাৰক প্ৰত্ৰ খনিৰ প্ৰতিলিপি প্ৰদান কৰি এক দীৰ্ঘ আলোচনাত মিলিত হয়। বিষয়া গৰাকীয়ে স্মাৰক প্ৰত্ৰ উত্থাপন কৰা বিষয়তো ৰাজহ বিভাগৰ লগত আলোচনা কৰা আৰু উপযুক্ত অনুসন্ধান কৰাৰ আশ্বাস দিয়ে। তিনিওটা সংগঠনৰ নেতৃত্বই জনোৱা মতে যোৱা প্ৰায় চল্লিশ বছৰ ধৰি দুখীয়া ভূমি হীন,গড়াখহনীয়াত সৰ্বস্বান্ত হোৱা কৃষক সকলে উক্ত অঞ্চলত কৃষিকৰ্ম কৰি নিজৰ জীৱন আৰু জীৱিকাৰ বাট মুকলি কৰি আহিছে। ইতিমধ্যে অসম চৰকাৰৰ জৰিপ বিভাগৰ পৰা যোৱা জুন মাহৰ পৰা উল্লেখিত জৰিপ নোহোৱা গাওঁ সমূহত পত্ৰ নং DLR-11016/16/2022 -ESTB অনুসৰি জৰীপ কাৰ্য চলাই আহিছে।এই জৰীপ কাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। জৰিপ সম্পূৰ্ণ নোহোৱাৰ ফলত জৰিপ নোহোৱা গাঁও (এন চি) আৰু লুটুমাৰি সংৰক্ষিত বনাঞ্চলৰ সীমা নিৰ্ধাৰণ হোৱা নাই। এনে অৱস্থাত এই লোক সকলৰ ওপৰত বন বিভাগে যি উচ্ছেদৰ জাননী জাৰী কৰিছে এই জাননী সংগঠন কেইটাই অযুক্তিকৰ আৰু নীতি বিৰোধী বুলি মত পোষণ কৰিছে। লগতে সংগঠন কেইটাই গভীৰ উদ্বেগৰে কয় যে,যিখন জাননী কৃষক সকললৈ প্ৰেৰণ কৰিছে সেই জাননীতেই উল্লেখ কৰা আছে যে জাননী পোৱা ১৫ দিনৰ ভিতৰত দখলৰ নায্যতা প্ৰদান কৰিবলৈ যি কোনো দাবী, প্ৰতিনিধিত্ব বা সমৰ্থনকাৰী নথি পত্ৰ যদি আছে তাক দাখিল কৰিবলৈ সময় বান্ধি দিয়া হৈছিল। সেই নিৰ্দেশনা অনুসৰি যোৱা ১৭ অক্টোবৰত কামপুৰ অঞ্চলিক বন বিষয়াৰ জৰিয়তে নগাঁও বন সংমণ্ডল বিষয়ালৈ উচ্ছেদৰ জাননী পোৱা লোক সকলে তেওঁ লোকৰ সমৰ্থনকাৰী নথি পত্ৰ সমূহ প্ৰদান কৰাত বিষয়া গৰাকীয়ে এই নথি পত্ৰ সমূহ গ্ৰহণ কৰিবলৈ অমান্তি হয়। উপায়ন্তৰ হৈ কৃষক সকলে ১৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ নগাঁও জিলাৰ প্ৰধান ডাকঘৰৰ জৰিয়তে নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়ালৈ তেওঁলোকৰ সমর্থন কাৰি নথি সমূহ দ্ৰুত ডাক সেৱা যোগে প্ৰেৰণ কৰিবলৈ বাধ্য হয়। বন বিভাগৰ এই নীতি ভংগ কাৰি অৱস্থাই এই কথাকে প্ৰমাণ কৰে যে,যি সকল কৃষকলৈ বন বিভাগে জাননী প্ৰেৰণ কৰিছে। সেই ভূমি সংৰক্ষিত বনাঞ্চলৰ ভূমি নহয়। ইয়াৰ অন্তৰালত বন বিভাগে কাৰোবাৰ নিৰ্দেশত ভূমি সমূহ মুক্ত কৰাৰ আচঁনি গ্ৰহণ কৰিছে বুলি নেতা সমূহে দাবী কৰে।সংগঠন কেইটাৰ নেতা কেইজনৰ মতে লংজাপ আৰু লুটুমাৰী এন.চি. ত জলজীৱন মিচনৰ পানী যোগান প্ৰকল্প স্থাপন কৰা হৈছে। নগাঁও বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা পৰিয়াল সমূহক জল জীৱন মিচনৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰি আছে।২০০৩ চনত লুটুমাৰী এন চি প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয়। উক্ত বিদ্যালয়ৰ আশে পাশে থকা পৰিয়াল সমূহকো উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। ৰানী পুখুৰী এন.চি ত সংহত শিশু প্ৰকল্পৰ মডেল অঙ্গনবাড়ী কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা হৈছে এই কেন্দ্ৰৰ গাতে লাগি থকা পৰিয়াল সমূহকো উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। ২০১১ চনত লংজাপ ননকে কিচামতত এক বিঘা মাটি মাজগাওঁ (বি) এল.পি.স্কুল স্থাপনৰ বাবে তদানীন্তন কামপুৰ ৰাজহ চক্ৰ বিষয়াই ভূমিৰ আবণ্টন দিছিল। এই বিদ্যালয়ৰ আশে পাশে থকা পৰিয়াল সমূহকো উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।২০০১ চনৰ পৰা ২০২১ চনলৈকে তৰ্জু খাজনা প্ৰদান কৰি থকা পৰিয়াল সমূহৰ লগতে চুবুৰীবাসীকো বন বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। জৰীপকাৰি দলে এন.চি ভূমি দখলীকৃত কৃষক সকলৰ ঘৰে ঘৰে গৈ তেওঁ লোকৰ দখলিকৃত ভুমি জৰীপ কৰি যি ৰিচিপ প্ৰদান কৰা হৈছিল সেই সমূহ পৰিয়াললৈও বন বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।বন বিভাগে যি সমূহ পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছে। সেই লোক সকল সেই অঞ্চলৰ ভোট দাতা ৰাইজ আৰু তেওঁ লোকৰ নাম উল্লেখ থকা ভোটাৰ তালিকা সমূহ লংজাপ মুক্ত বনাঞ্চল বুলি প্ৰকাশ পাই আহিছে। তথ্য জনা অধিকাৰ আইনৰ অধীনত কামপুৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে উলুমগুৰি,পদুম পুখুৰী, বৰ পুখুৰী,ৰানী পুখুৰী,লুটুমাৰী আৰু লংজাপ জৰিপ নোহোৱা গাওঁ (এন.চি) চাৰিসীমা আৰু ট্ৰেচমেপ বিচৰাত কামপুৰ ৰাজহ চক্ৰ বিষয়াই এতিয়াও এই জৰিপ সম্পূৰ্ণ হোৱা নাই বুলি মৌখিকভাৱে প্ৰকাশ কৰে। বন বিভাগে যি সমূহ পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে সেই লোক সকলৰ লোকেচন ফটো সংশ্লিষ্ট এন চিৰ লোকেচন প্ৰদৰ্শন কৰে। বন বিভাগে যি সমূহ পৰিয়ালক উচ্ছেদৰ জাননী প্রদান কৰিছে প্রতিটো পৰিয়ালৰ ৰাজীৱ গান্ধী বা দীনদয়াল উপাধ্যায় বৈদ্যুতিক আঁচনিৰ সংযোগ আছে আৰু তেওঁলোকে নিয়মীয়া বিদ্যুত বিল পৰিশোধ কৰি আহিছে। বন বিভাগে যি সমূহ পৰিয়াললৈ উচ্ছেদৰ জাননী প্রদান কৰিছে সেই সমূহ পৰিয়ালক ৰেচন কাৰ্ডৰ বাবে কামপুৰ ৰাজহচক্রৰ কার্যালয়ে জৰীপ নোহোৱা গাওঁ (এন.চি) ৰ বাসিন্দা বুলি আয়ৰ প্রমাণ পত্র প্রদান কৰাৰ বাবে প্রতিটো পৰিয়ালৰ ৰেচন কাৰ্ড আছে আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল পাই আছে।এনে অৱস্থাত সংগঠন কেইটাই জিলা আয়ুক্তক বৰ্তমান চলি থকা জৰিপ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তথা জৰিপ নোহোৱা ভুমিৰ গাঁও সমূহৰ সীমা আৰু সংৰক্ষিত বনাঞ্চলৰ সীমা নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত উচ্ছেদ বন্ধ ৰখাৰ দাবী জনোৱাৰ লগতে কামপুৰ ৰাজহ বিভাগে জৰিপ নোহোৱা গাওঁ সমূহৰ বাসিন্দা সকলক লগত লৈ তেওঁ লোকৰ সীমা প্ৰদৰ্শন কৰাবৰ বাবে জিলা আয়ুক্তক কামপুৰ ৰাজহ বিভাগলৈ নিৰ্দেশনা প্ৰদান কৰাৰো দাবী উত্থাপন কৰে।সংগঠন কেইটাৰ নেতৃবৃন্দই প্রশ্ন উত্থাপন কৰে যে যদি লুটুমাৰি সংৰক্ষিত বনাঞ্চলত বেদখল হৈছে তেন্তে যোৱা প্রায় চল্লিছ বছৰে নগাঁও বনসংমণ্ডল কার্যালয় নিৰৱ আৰু নিষ্ক্ৰিয় আছিল কিয় ? ইয়াৰ বাবে বন বিভাগ সম্পূৰ্ণভাবে জগৰীয়া আৰু তেওঁলোকক বিচাৰৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে। সংগঠন কেইটাৰ নেতৃবৃন্দই উচ্ছেদৰ জাননী জাৰি কৰা হৈছে সেই পৰিয়াল সমূহ যিহেতু ভাৰতীয় নাগৰিক সেয়েহে সেই পৰিয়াল সমূহৰ প্ৰতি এখন গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত চৰকাৰে দায়িত্ব এৰাই চলিব নোৱাৰে বুলি দৃঢ় মত পোষণ কৰে । আজি স্মাৰক প্ৰত্ৰ প্ৰদান কৰা সজাঁতি দলটোত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অৰূপ কুমাৰ মহন্ত,মাধৱ চন্দ্ৰ বৰা,আয়েফা বেগম,অসম ৰাজ্যিক কৃষক সভাৰ গোবিন চন্দ্ৰ নাথ, যগেশ্বৰ শৰ্মা আৰু নিখিল ভাৰত কৃষক সভাৰ মনোজ সিংহ ৰাজা, ৰাতুল বৰাই অংশগ্ৰহণ কৰে ।

Related Articles