নগাঁও জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে নাৰ্কো সমন্বয় কেন্দ্ৰৰ উদ্যোগত সজাগতা সভা

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ লগতে বিভিন্ন মাদক দ্ৰৱ্য সেৱনৰ কুপ্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে ৩১ অক্টোবৰ তাৰিখে নগাঁও জিলাৰ ধিং স্থিত, ধিং কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাৰ্কো সমন্বয় কেন্দ্ৰ (NCORD) সমিতিৰ এখন গুৰুত্বপূৰ্ণ মাহেকীয়া সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।

সভাখনৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ পৱিত্ৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে প্ৰমুখ্য কৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলে। কলিয়াবৰ সমজিলাৰ সম আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা উক্ত সভাখনত আদৰণি ভাষণ আগবঢ়াই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই।

তেখেতে নিজৰ ভাষণত ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিশেষকৈ যুৱপ্ৰজন্মক ইয়াৰ কুপ্ৰভাৱৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। সভাত ডি.এম.ডি.অ’ জুৱেৰুল আমিনে তেখেতৰ ভাষণত এইচ্.আই.ভি. সংক্ৰমণৰ বিভিন্ন মাধ্যম,যেনে-অসুৰক্ষিত যৌন সম্পৰ্ক, এইচ্.আই.ভি. সংক্ৰমিত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ, আক্রান্ত মাতৃৰ পৰা কেঁচুৱালৈ সংক্ৰমণ আৰু এইচ্.আই.ভি. সংক্ৰমিত তেজৰ সঞ্চালন আদি বিষয়সমূহৰ ওপৰত বিশদভাৱে বক্তব্য দাঙি ধৰে।

তেখেতে নগাঁও জিলাখনক এখন ‘এইচ্.আই.ভি. মুক্ত’ জিলা হিচাপে গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে। সভাত ​জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেখেতৰ ভাষণত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেখেতে আইন মানি চলাৰ লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে বিভিন্ন সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।আজি ​সভাখনৰ সামৰণিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে প্ৰশাসনীক বিষয়াসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে একেলগে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি মানৱতা আৰু একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

এই গুৰুত্বপূৰ্ণ সভাখনত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ) জয়ন্ত বৰুৱা, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, ৰহা সমজিলাৰ উপ আৰক্ষী অধীক্ষক সোণমণি শইকীয়া, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰিয়া প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া, বিদ্যালয়খনৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী আৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে।

Related Articles