ডিজিটেল সেৱা: কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ’ল সজাগতা আৰু সচেতনতা। এই উদ্দেশ্যৰে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “সপোনৰ প্ৰাপ্তি”ৰ উদ্যোগত “অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” আৰু “ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন” ৰ সহযোগত ১৯ নং মহলাৰ খুটিকটীয়াস্থিত প্ৰগতি সমাজৰ সভাগৃহত এক কেন্সাৰ সজাগতা অনুষ্ঠিত হয়। স্থানীয় শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই শিৱিৰত অভিজ্ঞ চিকিৎসক সকলে ফটো ভিডিঅ’ মাধ্যমেৰে নাৰী সকলৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগ সহজে চিনাক্ত তথা চিকিৎসকৰ পৰামৰ্শ ইত্যাদিৰ ওপৰত আলোকপাত কৰি যথেষ্ট পৰামৰ্শ আগবঢ়ায়। এই সজাগতা সভাত এপল’ হস্পিতাল চেন্নাইৰ ,ছিনিয়ৰ চাৰ্জিকেল অংকলজিষ্ট ড: চৈয়দ আফৰোজ হুছেইন ,চামৰিন ইকৰাম, ডঃ সুমন হাজৰিকাই তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শৰে সকলোকে আপ্লুত কৰে। নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “সপোনৰ প্ৰাপ্তি”ৰ উপ সভানেত্ৰী নৱনীতা শৰ্মাকে প্ৰমুখ্য কৰি বিষয়ববীয়া সকল ,নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ বিভিন্ন মহলাৰ মহলা আয়ুক্তা সকল ,বিভিন্ন অনুষ্ঠানৰ লগত জড়িত সমল মহিলা সকলৰ উপস্থিতিয়ে এই সভা খন সাফল্যমণ্ডিত কৰে।
নগাঁও খুটিকটীয়াত প্ৰগতি সমাজৰ সভাগৃহত কেন্সাৰ সজাগতা সভা