◆জমিৰ উদ্দিন তালুকদাৰ◆
হোজাই জিলা প্ৰশাসনে সোমবাৰে পুৱাৰ ভাগত জিলাখনৰ অন্তৰ্গত কপাহবাৰী মৌজাৰ পদুমপুখুৰী নতুন বজাৰত ব্যাপক উচ্ছেদ অভিযান চলায়৷ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কপাহবাৰী মৌজাৰ পদুমপুখুৰী কিচামতৰ ২৪৯ দাগৰ ৪৩ বিঘা ২ কটা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত গঢ় লৈ উঠা এখন বজাৰত চলায় এই উচ্ছেদ অভিযান৷ পদুমপুখুৰী কিচামতৰ উক্ত ৰিজাৰ্ভ ভূমি বেদখল কৰিবলৈ স্থানীয় নিজাম উদ্দিন সহ ১৪ গৰাকী লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা ডব্লিউ পি (চি) ২০২৫/২০২৩ আৰু ডব্লিউ পি (চি) ৭১৬৭/২০২৫ নম্বৰৰ গোচৰ মৰ্মে আদালতে আজিৰ তাৰিখৰ ভিতৰত উক্ত ভূমিখিনি বেদখল মুক্ত কৰিবলৈ এক ৰায়দান কৰে৷ পৰৱৰ্তী হোজাই জিলা প্ৰশাসনে অসম ভূমি আৰু ৰাজহ আইনৰ ভূমি বন্দোবস্ত নিয়মৰ ১৮ (২) নিয়ম মতে বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰে৷ পুৱাৰ পৰাই হোজাই জিলা প্ৰশাসনে উক্ত বেদখলিকৃত ভূমিখিনি বেদখল মুক্ত কৰিবলৈ কেবাখনো জেচিবি লগাই উচ্ছেদ অভিযান আৰম্ভ কৰে৷ হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডি সহ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই অভিযান চলোৱা হয়৷ প্ৰশাসনৰ উচ্ছেদ অভিযানত সাৰি নগ’ল এটি তিনি মহলীয়া প্ৰসাদোপম অট্টালিকা৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, কপাহবাৰী মৌজাৰ পদুমপুখুৰী ৰিজাৰ্ভৰ উক্ত ভূমিখিনি অবৈধভাবে দখল কৰি একাংশ লোকে এখন বজাৰ গঢ়ি তুলিছিল৷ বিগত প্ৰায় ৪০ বছৰ ধৰি বেদখল হৈ আছিল উক্ত বি জি আৰ ভূমিখিনি৷ একাংশ মাতব্বৰ প্ৰকৃতিৰ লোকে উক্ত চৰকাৰী ভূমি দখল কৰি বিভিন্নজনক চৰা দামত বিক্ৰী কৰাৰো অভিযোগ পোৱা গৈছে৷ ইফালে এই ভূমিখিনি হোজাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা অনুমোদন লাভ কৰিছিল বুলি একাংশ লোকে প্ৰকাশ কৰিছে ৷ বজাৰ গৃহ আবন্টনৰ নামতো বিভিন্ন পক্ষই ৰাজহো সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷