নগাঁৱত ৰাজসাহাৰ্য্যযুক্ত চেনী, দাইল আৰু নিমখ যোগান আঁচনিৰ শুভাৰম্ভ

ডিজিটেল সেৱা, নগাঁও: অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক যুগান্তকাৰী, জনকল্যাণমূলক আঁচনি ১০ নৱেম্বৰ তাৰিখে অসমৰ মুখমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ জিলাত শুভাৰম্ভ কৰে । এই শুভাৰম্ভনী অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ সকলো সুলভ মূল্যৰ দোকান সমূহত এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান সমূহ অনুষ্ঠিত কৰা হয় ।নগাঁও চহৰৰ ৱাৰ্ড নং -৯, নতুন বজাৰত থকা ৰাজীৱ পালৰ সুলভ মুল্যৰ দোকানত আয়োজিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ এই অভিলাসী আঁচনিখনৰ শুভাৰম্ভনি অনুষ্ঠানটিত উপস্থিত থাকি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই আঁচনিখনৰ শুভাৰম্ভ কৰে ।

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চহৰখনৰ ৱাৰ্ড নং -১১ ত থকা তুমন চৰকাৰৰ সুলভ মূল্যৰ দোকানত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আঁচনিখনৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰি থকা ৰেচন কাৰ্ডপ্ৰাপ্ত প্ৰতিটো পৰিয়ালে নৱেম্বৰ মাহৰ পৰা ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ নিৰ্ধাৰিত সুলভ মূল্যত লাভ কৰিব । এই আঁচনিৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক প্ৰতিমাহে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ১ কিলোগ্ৰাম মচুৰ দাইল ৬৯ টকাত, ১ কিলোগ্ৰাম চেনি ৩৮ টকাত আৰু ১ কিলোগ্ৰাম নিমখ ১০ টকাত প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উক্ত দাইল,চেনি আৰু নিমখ সুলভ মূল্যৰ দোকানৰ পৰা প্ৰতি মাহৰ “অন্ন সেৱা দিন” অৰ্থাৎ প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত e-pos মেচিনৰ জৰিয়তে গ্ৰাহকক বিতৰণ কৰা হব ।

চলিত নৱেম্বৰ মাহত ৰেচন কাৰ্ড প্ৰাপ্ত গ্ৰাহকসকলে এই ৰাজসাহাৰ্য্য অহা ১০ নৱেম্বৰ পৰা ১৯ নৱেম্বৰলৈকে লাভ কৰিব । চৰকাৰৰ এই অভিলাসী আঁচনিৰ জৰিয়তে নগাঁও জিলাখনৰ সৰ্বমুঠ ১৭৮৬ খন সুলভ মূল্য দোকানৰ অধীনৰ ৩৮২৫৯৪ টা পৰিয়াল উপকৃত হ’ব । উল্লেখযোগ্য যে এই ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল আৰু চেনি অহা ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা ১ কিলোগ্ৰাম মচুৰ দাইল ৬০ টকাত আৰু ১ কিলোগ্ৰাম চেনি ৩০ টকাত প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ সকলো সুলভ মূল্যৰ দোকান সমূহত আয়োজিত এই অনুষ্ঠান সমূহত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত আঁচনিখনৰ শুভাৰম্ভনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ।

Related Articles