◆জমিৰ উদ্দিন তালুকদাৰ◆
ইজনৰ পিছত সিজন বিষয়াই উৎকোচ লৈ হাত দঙাৰ সময়ত সতৰ্ক নহ’ল একাংশ অৰ্থলিপ্সু বিষয়া৷ যেন বক্ৰপথেৰে লৈ থকা ধনৰ খক এৰিব পৰা নাই এই বিষয়াসকলে৷ মঙ্গলবাৰে হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত কৰ্মৰত এগৰাকী কনিষ্ঠ অভিযন্তাই এগৰাকী লোকৰ পৰা ভেটি লোৱাৰ সময়ত হাতে লোটে ধৰিলে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই৷ বাতৰি অনুসৰি হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা জহুৰ উদ্দিন চৌধুৰীয়ে এগৰাকী লোকৰ বকেয়া বিলৰ ধন মোকলাই দিয়াৰ নামত ৭০০০ টকা উৎকোচ লওঁতে কার্যালয়তে হাতে লোটে কৰায়ত্ব কৰে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই৷ লগে লগে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই কনিষ্ঠ অভিযন্তা গৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায়৷ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ড এতিয়া দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে৷ খণ্ড উন্নয়ন বিষয়া নৱজিত বৰ্মনৰ জ্ঞাতসাৰে ব্লকটোত একাংশ বিষয়াই সোঁৱে-বাঁৱে ঘটিছে ধন৷ বিষয়া গৰাকীৰ বিৰুদ্ধে ঊৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দিলেও কোনেও নুশুনে ৰাইজৰ কথা৷ শেহতীয়াকৈ ডবকাৰ ৰিয়াজুল চৌধুৰী (বাবু) নামৰ এগৰাকী যুৱকে বিন্নাকান্দি উন্নয়ন খণ্ডত বিভিন্ন আঁচনিৰ নামত ৭০ লাখ টকাৰ দুৰ্নীতি হোৱা বুলি তথ্যসহ অভিযোগ দিছিল৷ সেই অভিযোগৰ পিছতেই বিভাগীয় কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল৷ আজি বিন্নাকান্দিৰ বিডিঅ’ নৱজিত বৰ্মনৰ সোঁহাত স্বৰূপ জহুৰ উদ্দিন চৌধুৰীক তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা ঘটনাক ৰাইজে আদৰণি জনাইছে৷ লগতে ব্লকটোত বিগত দুটা বৰ্ষত ৰূপায়ন হোৱা চতুৰ্দশ বিত্তীয় আয়োগ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ ওপৰত এক তদন্তৰ দাবী উত্থাপন হৈছে৷