◆জমিৰ উদ্দিন তালুকদাৰ◆
অসমৰ মধ্যভাগত এটা হৃদয়বিদাৰক দুর্ঘটনাত ৭টা বন্যহস্তীৰ শোকাৱহ মৃত্যু আৰু এটা হাতী পোৱালী গুৰুতৰভাৱে আহত হোৱা ঘটনাই সকলোকে শোকাকুল কৰি তুলিছে৷ শুকুৰবাৰে ২:১৭ বজাত নগাঁও জিলাৰ যমুনামুখ-কামপুৰ ছেকচনত (লামডিং ডিভিজনৰ অন্তৰ্গত) এই কৰুণ ঘটনাটো সংঘটিত হয়৷ উজনিমুৱা ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ (ট্ৰেইন নম্বৰ ২০৫০৭ ডাউন) ৰেলগাড়ীখনে এটা বন্যহাতীৰ জাকৰ সৈতে খুন্দা মাৰে, যাৰ ফলত ট্ৰেইনৰ ইঞ্জিন আৰু পাঁচটা ডবা লাইনচ্যুত হয়৷ যাত্ৰীসকলৰ মাজত কোনো হতাহতি হোৱা নাই বুলি ৰেলৱে কৰ্তৃপক্ষই নিশ্চিত কৰিছে। লাইচ্যুত ডবাকেইটা পুনৰ গুৱাহাটীলৈ নি পথ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে ৰেল বিভাগে। ঘটনাস্থলী গুৱাহাটীৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত। এই স্থানটো চিহ্নিত হাতী কৰিডৰ নাছিল যদিও বিগত কিছুদিন ধৰি অঞ্চলটোত হাতীৰ এটা জাকে বিচৰণ কৰি আছিল। ঘন-কুঁৱলিৰ বাবে ৰেলখনৰ লক-পাইলটে হাতীৰ জাকটো ট্ৰেকত দেখা পোৱাত পলম হোৱাত ইমাৰ্জেন্সী ব্ৰেক প্ৰয়োগ কৰিছিল যদিও দুৰ্ঘটনাৰ পৰা বচাব পৰা নাছিল৷

খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা হাতীৰ জাকটোৱে ৰেল লাইন পাৰ হৈ থকাৰ সময়তে এই দুর্ঘটনা সংঘটিত হয়৷ বন বিভাগৰ লোকে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ আহত হাতী পোৱালীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। অসমত বৃদ্ধি পোৱা মানুহ-হাতী সংঘাত অসমত দীৰ্ঘদিন ধৰি বৃদ্ধি পাই আহিছে৷ ২০১৮ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ নিশা হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত হাৱাইপুৰ-লামচাখান ষ্টেচনৰ মাজ ভাগত গুৱাহাটী-শিলচৰ অভিমুখী ১৫৬১১ নং পেছেঞ্জাৰ গাড়ীৰ খুন্দাত পাঁচটাকৈ হাতীৰ মৃত্যু হৈছিল৷ ২০১৬ চনত একে স্থানতে ৰেলৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যুৰ যন্ত্ৰণা এতিয়াও হোজাইবাসীয়ে পাহৰিব পৰা নাই৷ সেই ঘটনাৰ বাবে বন বিভাগে ৰেল বিভাগ আৰু ৰেল বিভাগে বন বিভাগ অৰ্থাৎ চৰকাৰৰ দুটা বিয়াগোম বিভাগে পৰস্পৰে পৰস্পৰক দোষাৰূপ কৰি পাঁচটাকৈ হাতীৰ কৰুণ মৃত্যুক এক ৰহস্যলৈ ঠেলি দিছিল৷ যিহেতুকে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনত থকা হোজাই, লামডিং আৰু লংকা বনাঞ্চলৰ ১৯ টা ঠাই হস্তী কৰিডৰ ৰূপে বন বিভাগে চিহ্নিত কৰিছে ৷ সেই অঞ্চলবোৰত যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ গতিবেগ ঘন্টাত ৩০ কিলোমিটাৰ কৰাৰ এক চৰকাৰী সিদ্ধান্ত আছে৷ এনে সতৰ্কতাৰ মাজতো যোৱা নিশা সংঘটিত এই শোকাৱহ ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহুতে এই ঘটনা ঘন-কুঁৱলিৰ বাবে হোৱা বুলি কৈছে যদিও এই ঠাইত নাছিল বন বিভাগ বা ৰেল বিভাগৰ কোনো নিৰীক্ষণ৷ পুৱাৰ ভাগত বন বিভাগ, আৰক্ষী আৰু ৰেল বিভাগৰ লোক ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আহত হাতীৰ পোৱালীটোৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰে৷ ৰেলৰ খুন্দাত নিহত ৭টা হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰি ঠাইতে সমাধিস্থ কৰা হয়৷ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰী সুহাস কদমে ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কথা সংবাদ সংস্থা পিটিআইক জানিবলৈ দিয়ে৷ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেল দুৰ্ঘটনাত পতিত হোৱাত বহুকেইখন ৰেল বাতিল হয়৷ ৰেলৱে কৰ্তৃপক্ষই সদৰি কৰা মতে, ৰঙিয়া–নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী–যোৰহাট টাউন জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ ভিষ্টাডোম এক্সপ্ৰেছ আৰু নিউ তিনিচুকীয়া–ৰঙিয়া এক্সপ্ৰেছ ৰেল গাড়ীৰ চলাচল বাতিল কৰা হয়৷