ডিজিটেল সেৱা: ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰো সাল-সলনি হৈছে জনগাঁথনি । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ ২৩ খন গাঁও পঞ্চায়ত থকা চামগুৰি বিধানসভা সমষ্টিটোত সম্প্ৰতি আছে ২৫ খনকৈ গাঁও পঞ্চায়ত ৷পূৰ্বৰ চাৰিখন জিলা পৰিষদীয় সমষ্টি থকা চামগুৰি বিধানসভা সমষ্টিত অৱশ্যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত একেই আছে জিলা পৰিষদৰ সংখ্যা ৷ পূৰ্বৰ চামগুৰি আৰু আমবাগান জিলা পৰিষদ কৰ্তন হৈছে নতুন চামগুৰি সমষ্টিৰ পৰা । নতুনকৈ গঠিত চামগুৰি সমষ্টিৰ চাৰিখন জিলা পৰিষদ হৈছে ক্ৰমে -বাজিয়া গাঁও জিলা পৰিষদ,শিঙিমাৰী জিলা পৰিষদ,গড়াজান জিলা পৰিষদ আৰু ভকত গাঁও জিলা পৰিষদ। যোৱাটো পঞ্চায়ত নিৰ্বাচনত চামগুৰি বিধানসভা সমষ্টিৰ চাৰিওখন জিলা পৰিষদীয় আসন কংগ্ৰেছ দলে দখল কৰে ।নতুনকৈ গঠিত চামগুৰি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২ লাখ ১৭ হাজাৰ । সমষ্টিটোত সংখ্যালঘু ভোটাৰ আছে প্ৰায় ৯২ শতাংশ ।অৰ্থাৎ বৰ্তমানৰ চামগুৰি সমষ্টিৰ মুঠ ২ লাখ ১৭ হাজাৰ ভোটাৰৰ জনগাঁথনিৰ ভিত্তিত প্ৰায় ২ লাখ সংখ্যালঘু ভোটাৰৰ বিপৰীতে আছে মাত্ৰ ১৭ হাজাৰ হিন্দু ভোটাৰ ৷ নতুন চামগুৰি সমষ্টিত থকা মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ২৫ খন । নগাঁও সদৰ, ৰূপহীহাট আৰু পূৰ্বৰ চামগুৰি সমষ্টিৰ কেইবাখনো পঞ্চায়তৰে গঠিত হৈছে নতুন চামগুৰি বিধানসভা সমষ্টি । নগাঁও সদৰ বিধানসভা সমষ্টিৰ পৰা নতুন চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈছে ৫ খন গাঁও পঞ্চায়ত । সেইকেইখন ক্ৰমে – বৰভেটি গাঁও পঞ্চায়ত, ভকত গাঁও গাঁও পঞ্চায়ত, হেৰাপট্টি গাঁও পঞ্চায়ত, লাওঁ গাঁও গাঁও পঞ্চায়ত আৰু ৰৌমাৰী গাঁও পঞ্চায়ত ।আনহাতে, ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা ১০ খনকৈ গাঁও পঞ্চায়ত আৰু পূৰ্বৰ চামগুৰি সমষ্টিৰ ১০ খনকৈ গাঁও পঞ্চায়তৰে গঠিত হৈছে নতুন চামগুৰি সমষ্টিটো । সেইকেইখন হৈছে ক্ৰমে – কাঞ্চনপুৰ গাঁও পঞ্চায়ত, গড়াজান গাঁও পঞ্চায়ত, উত্তৰ খাটোৱাল গাঁও পঞ্চায়ত, দক্ষিণ খাটোৱাল গাঁও পঞ্চায়ত, হাতীপুখুৰী গাঁও পঞ্চায়ত, ছাইদৰীয়া গাঁও পঞ্চায়ত, ৰূপহী গাঁও পঞ্চায়ত, ভেলেউগুৰি-ডিফলু গাঁও পঞ্চায়ত, বৰঘাট গাঁও পঞ্চায়ত আৰু জিউমাৰী গাঁও পঞ্চায়ত ৷আনহাতে, পুৰণা চামগুৰি সমষ্টিৰ পৰা নতুন চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা দহখনকৈ গাঁও পঞ্চায়ত হৈছে ক্ৰমে – বাজিয়াগাঁও গাঁও পঞ্চায়ত, কাৱৈমাৰী গাঁও পঞ্চায়ত, মোৱামাৰী গাঁও পঞ্চায়ত, কনুৱামাৰী গাঁও পঞ্চায়ত, শিঙিমাৰী গাঁও পঞ্চায়ত, মাগুৰমাৰী গাঁও পঞ্চায়ত, কাঠপাৰা গাঁও পঞ্চায়ত, ভাটিয়াখালী গাঁও পঞ্চায়ত, গেৰুৱা গাঁও পঞ্চায়ত আৰু কৰৈগুৰি গাঁও পঞ্চায়ত ।আনহাতে, পূৰ্বৰ চামগুৰি সমষ্টিৰ পৰা কৰ্তন হোৱা ১৩ খন গাঁও পঞ্চায়ত হৈছে – ভূৰবন্ধা গাঁও পঞ্চায়ত, নিজ লাওখোৱা গাঁও পঞ্চায়ত, আমবাগান গাঁও পঞ্চায়ত, টুপুকীজাৰণী গাঁও পঞ্চায়ত, লাইলুৰী গাঁও পঞ্চায়ত, কুহুমতলী গাঁও পঞ্চায়ত, ৰঙাগড়া গাঁও পঞ্চায়ত, আমলক্ষী গাঁও পঞ্চায়ত, উদমাৰি গাঁও পঞ্চায়ত, ভড়াগুৰি গাঁও পঞ্চায়ত, সূতাৰগাঁও গাঁও পঞ্চায়ত, চামগুৰি গাঁও পঞ্চায়ত আৰু ভেলেউগুৰি গাঁও পঞ্চায়ত ।চামগুৰি সমষ্টিৰ শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলসমূহ আছিল এনেধৰণৰ -দিপ্লুৰঞ্জন শৰ্মা(বিজেপি) – ৮১,৩২১ টা ভোট তাঞ্জিল হুছেইন(কংগ্ৰেছ) – ৫৬,৮২০ টা ভোট
উপ-নিৰ্বাচনত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা চামগুৰি সমষ্টিটো বিজেপি দলে দখল কৰিবলৈ সক্ষম হৈছিল ৷ সমষ্টিটেৰ বৰ্তমানৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা ৷চামগুৰি বিধানসভা সমষ্টিৰ বিগত বিধায়কসকল ক্ৰমে-১৯৫২ – ঊষা বৰঠাকুৰ (কংগ্ৰেছ), ১৯৫৭ – ঊষা বৰঠাকুৰ (কংগ্ৰেছ), ১৯৭২ – বিষ্ণু প্ৰসাদ (কংগ্ৰেছ), ১৯৭৮ – ভবেন্দ্ৰ কুমাৰ শইকীয়া (জনতা পাৰ্টী), ১৯৮১ – নুৰুল হুছেইন (কংগ্ৰেছ), ১৯৮৫ – আবুল হুছেইন চৰকাৰ (নিৰ্দলীয়, ইও এম এফ), ১৯৯১ – নুৰুল হুছেইন (কংগ্ৰেছ), ১৯৯৬ – অতুল কুমাৰ শৰ্মা (অগপ), ২০০১ – ৰকিবুল হুছেইন (কংগ্ৰেছ), ২০০৬ – ৰকিবুল হুছেইন (কংগ্ৰেছ), ২০১১ – ৰকিবুল হুছেইন (কংগ্ৰেছ), ২০১৬ – ৰকিবুল হুছেইন (কংগ্ৰেছ), ২০২১ – ৰকিবুল হুছেইন (কংগ্ৰেছ) আৰু ২০২৪ ৰ উপ-নিৰ্বাচনত- দিপ্লুৰঞ্জন শৰ্মা (বিজেপি)।সমষ্টিটোত কংগ্ৰেছ দলৰ কেইবাগৰাকী ব্যক্তিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ সমান্তৰালকৈ এ আই ইউ ডি এফ, অগপ-বিজেপি মিত্ৰদলেও ব্যাপক তৎপৰ হৈ পৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোত শাসনাধিষ্ঠ বিজেপি দলৰ পৰা নাজিৰ হুছেইন , জাকাৰিয়া হক চৌধুৰী, কংগ্ৰেছ দলৰ পৰা ৰকিবুল তনয় তাঞ্জিল হুছেইনৰ লগতে আৰু তিনিজন ব্যক্তিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচৰাৰ লগতে এই আই ইউ ডি এফ দলৰ পৰা প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ লগতে আৰু কেইবাজনেও প্ৰাৰ্থীত্ব বিচাৰিছে। অগপ দলৰ পৰা নুৰুল আমিন চৌধুৰীয়ে প্ৰাৰ্থীত্ব বিচাৰিছে। সমষ্টিটোত এ আই ইউ ডি এফ দলৰ সাংগঠনিক ভেটি মজবুত নাছিল যদিও আমছুৰ প্ৰাক্তন সভাপতি তথা ৰূপহীহাট বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে এ আই ইউ ডি এফ দলত যোগদান কৰাৰ পাছৰে পৰা সমষ্টিটোৰ চৌদিশে এ আই ইউ ডি এফ দলৰ দিনক দিনে উত্থান হোৱাৰ লগতে সাংগঠনিক ভেটি মজবুত হ’ব ধৰিছে। সমষ্টিটোত বৰ্তমান এই আই ইউ ডি এফ দলৰ জোৱাৰ উঠিছে বুলি সমষ্টিটোত সৰ্বত্ৰে উচ্চাৰিত হৈছে।সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা যদি ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, বিজেপি দলৰ পৰা নাজিৰ হুছেইন আৰু এ আই ইউ ডি এফ দলৰ পৰা আব্দুল আজিজে প্ৰাৰ্থীত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত সৰব চৰ্চা চলিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চামগুৰি বিধানসভা সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত ভোট যুদ্ধৰ খেল হ’ব বুলি সমষ্টিটোৰ চুকে কোণে চৰ্চিত হৈছে। কংগ্ৰেছ দলে যদি তাঞ্জিলকে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰে আৰু এ আই ইউ ডি এফে যদি আব্দুল আজিজক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰে তেন্তে চামগুৰি সমষ্টিটো এ আই ইউ ডি এফ দলে দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলৰ মাজত সৰব চৰ্চা চলিছে। আগন্তুক বিধানসভা নিৰ্বাচনত কোন দলে সমষ্টিটো দখল কৰে সেয়া সময়ত লক্ষণীয় হ’ব।
এই আই ইউ ডি এফত আজিজৰ যোগদানে শলঠেকত পৰিব কংগ্ৰেছ!