ডিজিটেল সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ নিৰ্বাচনী ক্ষেত্রখনত প্ৰশাসনীয় তৎপৰতা তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ মুক্ত, নিৰপেক্ষ, শান্তিপূৰ্ণ আৰু ভয়মুক্ত পৰিৱেশত সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যুটীয়াভাৱে এক বিস্তৃত কৰ্মপন্থা হাতত লৈছে।

আইন-শৃংখলা পৰিস্থিতি নিৰীক্ষণ আৰু সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ অংশস্বৰূপে ১২ ছেপ্তেম্বৰ তাৰিখে জিলা আয়ুক্ত আৰণ্যক শইকীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীয়ে চামগুৰি আৰু ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত অতি সংবেদনশীল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰে।

এই গুৰুত্বপূৰ্ণ পৰিদৰ্শন কালত জিলাৰ শীর্ষদ্বয় প্রশাসনীয় বিষয়া দুগৰাকীয়ে ভোটকেন্দ্ৰসমূহৰ ভৌগোলিক অৱস্থান, আন্তঃগাঁথনিগত সুবিধা, যাতায়াতৰ ব্যৱস্থা আৰু যিকোনো সম্ভাৱ্য সংকট মোকাবিলাৰ বাবে প্ৰস্তুত কৰা সুৰক্ষা পৰিকল্পনা পুংখানুপুংখভাৱে পৰীক্ষা কৰে। লগতে, স্থানীয় ভোটাৰসকলৰ মনৰ পৰা নিৰ্বাচনী হিংসা বা ভাবুকিৰ শংকা সম্পূৰ্ণৰূপে দূৰ কৰি তেওঁলোকে যাতে কোনো ভয়-শংকা নোহোৱাকৈ স্বতস্ফূৰ্তভাৱে নিজৰ গণতান্ত্রিক ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে গ্ৰহণ কৰা বিশেষ সজাগতা পদক্ষেপসমূহৰ বুজ লয়।

যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীৰ ৰুট মাৰ্চ, সংবেদনশীল এলেকাসমূহত চিএপিএফ বাহিনীৰ মোতায়েন আৰু ভোটগ্ৰহণৰ দিনটোত প্ৰয়োজনীয় নিৰীক্ষণ বিষয়েও বিশদ আলোচনা কৰা হয়। উক্ত পৰিদৰ্শনকালত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ আন কেইবাগৰাকীও শীৰ্ষ বিষয়া সক্ৰিয়ভাৱে উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত অতিৰিক্ত আৰক্ষী অধীক্ষক,(সদৰ) ৰৌজি তালুকদাৰ, চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজেশ সিং আৰু ৰূপহীহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰীতম ঠাকুৰীয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ দায়িত্বপ্রাপ্ত বিষয়াসকল।