পুনৰ চামগুৰিত নিৰ্বাচনী হিংসা

আৰক্ষীৰ সন্মুখতে নিৰ্দলীয় প্ৰাৰ্থীৰ বাহন ভাঙি লণ্ডভণ্ড দুৰ্বৃত্তৰ

অদিতি সেৱা, নগাঁও:নিৰ্বাচন আহিলেই উত্তেজনাপূৰ্ণ হৈ উঠে নগাঁও জিলাৰ চামগুৰি । প্ৰতিটো নিৰ্বাচনতে হিংসাত্মক ঘটনাই জোকাৰি যায় চামগুৰি । পঞ্চায়ত নিৰ্বাচনো ব্যতিক্ৰম নহ’ল । পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৩ দিন বাকী থকা সময়তে চামগুৰিত পুনৰ সংঘটিত হ’ল ভয়ংকৰ ঘটনা । চামগুৰি বিধানসভা সমষ্টিৰ শিঙিমাৰী জিলা পৰিষদৰ নিৰ্বাচনক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি । যোৱা নিশা শিঙিমাৰীত নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ বাহনত দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ চলায় । দুৰ্বৃত্তৰ দলটোৱে বাহনখন ভাঙি লণ্ডভণ্ড কৰে । দুৰ্বৃত্তৰ আক্ৰমণত আঞ্জুমা বেগমৰ কেইবাগৰাকী সমৰ্থকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।জানিব পৰা মতে নিশা নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগম নিজৰ সমৰ্থকৰ সৈতে শিঙিমাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছিল । তেওঁৰ বাহনখন অঞ্চলটোত প্ৰৱেশ কৰাৰ লগে লগে এটা দলে হঠাৎ আক্ৰমণ চলায় । দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে লাঠি-ৰ’ড আদি লৈ বাহনখন ভাঙিবলৈ আৰম্ভ কৰে । কেৱল এয়াই নহয়, শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে । দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত প্ৰাৰ্থীগৰাকীৰ বাহনৰ চালকসহ কেইবাগৰাকী সমৰ্থক আহত হৈছে । এই আক্ৰমণ পূৰ্বপৰিকল্পিত আছিল বুলিও অভিযোগ কৰে প্ৰাৰ্থীগৰাকীয়ে ।এই ঘটনাই প্ৰাৰ্থীগৰাকীৰ লগতে সমৰ্থকসকলক যথেষ্ট উত্তেজিত কৰি তুলিছে । নিশাই নিৰ্দলীয় প্ৰাৰ্থী অঞ্জুমা বেগমে সমৰ্থকসকলক লগত লৈ এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমে এই ঘটনাক নিৰ্বাচনী প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰাৰ এক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰি কয়, “মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জনসাধাৰণৰ সেৱাৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছো । মই ভয় নকৰো, জনতাৰ সমৰ্থনৰ বলত মই মোৰ প্ৰচাৰ অব্যাহত ৰাখিম ।”ইফালে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে । উল্লেখ্য যে শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ হৈ দিনৰ ভাগত সামাজিক মাধ্যমৰ চৰ্চিত ব্যক্তি তথা ৰাজনৈতিক কৰ্মী শুকুৰ আলীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিল । অৱশ্যে আক্ৰমণৰ সেই সময়ত শুকুৰ আলী সেই স্থানত উপস্থিত নাছিল । কিন্তু আচৰিত কথাটো হ’ল যে আৰক্ষীৰ উপস্থিতিতে দুৰ্বৃত্তৰ দলটোৱে মুখ কাপোৰ বান্ধি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বাহন আক্ৰমণ কৰিছিল । যাৰ বাবে চামগুৰি সমষ্টি আৰক্ষী আৰু প্ৰশাসনৰ ভূমিকাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । কিয়নো যোৱা লোকসভা নিৰ্বাচন, বিধানসভাৰ উপ নিৰ্বাচনতো একেই পৰিৱেশ দেখা গৈছিল চামগুৰি সমষ্টিত ।