●কুমাৰ বিভূতি:
বিষয়টো যদিও অতি স্পৰ্শকাতৰ তথাপি নিলিখি নোৱাৰিলোঁ। মাতৃভাষা মাধ্যমৰ হকে বিগত সময়চোৱাত মাত মাতি আহিছোঁ আৰু নিজৰ সন্তানকো সেই মাধ্যমতে পঢ়াই আকাশ চোৱাৰ হেপাহ পুহিছোঁ। ভাল কৰিছোঁ নে ভুল কৰিছোঁ সেয়া অনাগত সময়ত দেখা যাব। যি মাতৃভাষা মাধ্যমৰ কথা ক'বলৈ ওলাইছোঁ সেয়া সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা। ভাষাটো ভাল পাওঁ কাৰণেই সেই ভাষাতেই মাজে সময়ে দুই এটা কিবাকিবি লিখো কাকত আলোচনীত। কাকত আলোচনীৰ লগত আমাৰ সম্পৰ্ক আশৈশৱ। ঘৰত সৰুৰেপৰাই কাকত-আলোচনী দেখি অহাৰ ফলস্বৰূপে মাজে মাজে সেইসমূহ লিৰিকি বিদাৰি চাইছিলোঁ আৰু পাছলৈ সেইবোৰ পঢ়াৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। যাৰ কাৰণে কিঞ্চিত হ'লেও জ্ঞান আৰ্জনৰ পথ এটা বিচাৰি পাইছিলোঁ। আজি কাকত আলোচনীৰ ক্ষেত্ৰখনলৈ নামি অহা দুৰ্যোগত এটা চিন্তাত পৰিছোঁ যে ৰাতিপুৱাই মেলি ল'বলৈ আৰু কিমান দিনলৈ কাকত আলোচনী হাততে পাম? কাকত আলোচনীৰ পাঠক বৰ্তমান সময়ত যেন একেবাৰে নাই। কথাটো মনে নাভাবিলেও, মনে নামানিলেও শতকৰা এশভাগেই সঁচা। ১৯৯৯ চনৰ পৰাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ এটা কথা উপলব্ধি কৰিছোঁ যে সাম্প্ৰতিক সময়ত মানুহৰ কাকত-আলোচনীৰ প্ৰতি আগ্ৰহ বহুলাংশে কমি গৈছে। এটা সময় আছিল কাকত আলোচনীত লেখা এটা প্ৰকাশ পোৱাৰ পাছত ফোনৰ উপৰি ফোন আহে। পাঠকৰ সঁহাৰিত লেখকৰ দায়বদ্ধতা বাঢ়ি যায়। কিন্তু এতিয়া? এই ক্ষেত্ৰত কাকত-আলোচনীৰ ভূমিকা সম্পৰ্কে পৰৱৰ্তী সময়ত আলোচনা কৰিম। এতিয়া মাথোঁ আন দুই-এটা অনুৰোধ জনাবলৈহে এই লেখাৰ অৱতাৰণা কৰিছোঁ।
অসমীয়া কাকত আলোচনীৰ ভৱিষ্যত সম্পৰ্কে মতামত দিয়াৰ অধিকাৰ মোৰ নাই। তথাপি ইফালে-সিফালে ঘূৰি ফুৰোঁতে নিৰ্দিষ্ট ঠাইবিশেষে থকা কাকত-আলোচনী বিক্ৰী কৰা দোকানসমূহত মাজে-মাজে সুমাও আৰু এবুকু হুমুনিয়াহ লৈ ওভতি আহোঁ। মফচলীয় চহৰসমূহত এই ব্যৱসায় কৰি জী থকা মানুহবোৰ বৰ ধনাৰ্ঢ্য ব্যক্তি যে নহয় সেই কথা সকলোৰে জ্ঞাত। পুৱাই কাকত-আলোচনী বিক্ৰী কৰিবলৈ দোকানখন খুলি যেতিয়া বহি থাকে তেতিয়া কাউন্টাৰ চেল কাকত আলোচনীৰ সংখ্যা বৰ আশাব্যঞ্জক নহয়। সিদিনা তেনে এগৰাকী ব্যক্তি লগ পাইছিলোঁ (তেখেতৰ অনুৰোধক্ৰমে নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকিম)। ১৯৬৮ চনতেই আৰম্ভ কৰিছিল কাকত আলোচনীৰ বিক্ৰীৰ ব্যৱসায়। দৈনিক অসম আৰু জনমভূমি কাকতৰ এজেঞ্চী লৈ সেই সময়ত সম্ভ্ৰান্ত্ৰ পৰিচয়েৰে আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানটো ঠিক মতেই চলিছিল। দিনে দিনে বাঢ়ি আহিছিল গ্ৰাহক। সংযোগ হৈছিল নতুন নতুন কাকত আলোচনীৰ নাম। দৈনিক অসম, জনমভূমি, আজি, আমাৰ অসম, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আজিৰ বাতৰি, আজিৰ দৈনিক বাতৰি, দৈনিক অগ্ৰদূত, এদিনৰ সংবাদ, দৈনিক জনসাধাৰণ, নতুন দৈনিক, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, গণ অধিকাৰ, অসম আদিত্য ইত্যাদি। সাপ্তাহিক, তিনিদিনীয়া কাকত হিচাপেও তিনিদিনীয়া অগ্ৰদূত, অসমবাণী, সাদিন, বুধবাৰ , আগান,প্ৰাগজ্যোতিষ, গণতন্ত্ৰ ইত্যাদি। একেদৰে আলোচনী হিচাপে প্ৰান্তিক, গৰীয়সী, সাতসৰী, প্ৰকাশ, নন্দিনী, প্ৰিয় সখী, বিস্ময়, তৃষ্ণাতুৰ, মৌচাক, মায়া , ৰহস্য আদি । পাঠকৰ সীমাসংখ্যা নাছিল। কিছুসংখ্যক কাকত আলোচনীয়ে ৰেকৰ্ড গঢ়িছিল বিক্ৰীৰ ক্ষেত্ৰত। কিন্তু আজি ক'ত গ'ল সেই গ্ৰাহক? ক'ত গ'ল নাম উল্লেখ কৰা প্ৰায়সংখ্যক কাকত আলোচনী? বিষয়টো চিন্তনীয়। চিন্তনীয় এইকাৰণেই যে এই বিষয়টোৰ লগত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিৰ জীৱন আৰু জীৱিকা জড়িত হৈ আছে।
আজিকালি কাকত আলোচনীত যে আপুনি লিখে এই কথা কিমানে পঢ়ে? আচৰিত হবলগীয়া কথাটো এয়ে যে শিক্ষিত বুলি আমি যাক ভাবোঁ সেইসকলৰ অধিকাংশই আজিকালি কাকত-আলোচনী নপঢ়ে। যদি পঢ়ে তেতিয়া কাকত-আলোচনীৰ আজিৰ তাৰিখত জয়জয়-ময়ময় অৱস্থা হ'ল হলে। ব্ৰয়লাৰ মাংস প্ৰতি কিলোত চাৰে তিনিশ টকাকৈ দৈনিক ভাৱে কিনিবলৈ কুণ্ঠাবোধ নকৰা বহুতেই ৭/৮/৯/১০ টকা দি কাকত এখন কিনি পঢ়িবলৈ অসুবিধাত পৰে। কোনোবাই কিনা দেখিলে তেতিয়া কাকতখনক লৈ টনা আজোঁৰা কৰা দৃশ্য বোধকৰোঁ আপুনিও দেখিছে। সেই দৃশ্য দেখিলে মোৰ হাঁহি উঠে। কাকত আলোচনীৰ কথা ওলালে কয় আজিকালি ম'বাইলতেই সকলো পায়। গতিকে সেইবোৰ পঢ়িবলৈ আকৌ কাকত-আলোচনীৰ কি দৰকাৰ? কথাটো মানি ল'ব পাৰিনে?
আপোনালোকৰ কাৰণে কথাটো অতি সামান্য হ'লেও মোৰ কাৰণে বিষয়টো অলপ চিন্তনীয় হৈ ধৰা দিছে। সমগ্ৰ অসমত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মানুহ গঢ়াৰ কমাৰ হিচাপে খ্যাত প্ৰায় তিনি লক্ষাধিক শিক্ষক শিক্ষয়িত্ৰী আছে। ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰী সকলৰ কথা একাষৰীয়া কৰি ৰাখিলেও শিক্ষকতাৰ বৃত্তিত জড়িত থকা এই তিনি লক্ষাধিক ব্যক্তিয়ে যদি একোখন কাকত বা আলোচনী কিনিবলৈ লয় তেন্তে অসমত কাকত আলোচনীৰ ভৱিষ্যতক লৈ চিন্তা কৰাৰ কিবা কাৰণ থাকিব পাৰে নে? বুকু ডাঠি ক'ব পাৰোঁ যে তেতিয়া কাকত আলোচনীৰ সুদিন নিশ্চিতভাৱে ঘূৰি আহিব। কিন্তু কথাটো বাস্তৱ নহয় কিয়? বহুতেই অভিযোগ কৰে কাকতত আজিকালি খবৰতকৈ বিজ্ঞাপন বেছি। সেইকাৰণে নিকিনে। টিভিত চাই থকা ধাৰাবাহিক, ইউটিউবত চাই থকা ভিডিঅ'ত বিজ্ঞাপন দিয়াৰ কাৰণে আমি কেতিয়াবা প্ৰতিবাদ কৰিছোঁ নে চাবলৈ এৰি দিছোঁ? যিহেতু কাকত আলোচনীৰ গ্ৰাহক অভূতপূৰ্ব ভাবে কমি গৈছে গতিকে সেই ক্ষেত্ৰখনত জড়িত ব্যক্তি সকলে নতুন চিন্তাৰে কাকত বা আলোচনীখন জীয়াই ৰখাৰ চেষ্টা কৰিছে। আমি তেতিয়া প্ৰতিবাদ কৰিম যদিহে আমি কাকত আলোচনী প্ৰত্যেকেই কিনিছোঁ আৰু তাৰ পাছতো বিজ্ঞাপনেৰে যদি কাকতৰ পৃষ্ঠা ভৰাইছে। অন্যথা এনে অভিযোগ অৰ্থহীন। প্ৰায়েই লক্ষ্য কৰোঁ লিখা মেলা কৰা ব্যক্তি সকলৰ ভিতৰতো কাকত আলোচনী নিকিনে। নপঢ়ে। নিজৰ লেখা প্ৰকাশ পালে মবাইলেৰে কোনোবা দোকানত গৈ নিৰ্দিষ্ট লেখাটো ফটো তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। কোনেও এবাৰলৈও নাভাবে যে কাকতখন বিক্ৰী কৰিলেহে বিক্ৰেতাজনৰ ঘৰত ৰোজগাৰ আহিব। আমাক কাকতৰ লেখা ফটো তুলি সামাজিক মাধ্যমত দিবৰ কাৰণে তেওঁলোকে সেই ব্যৱসায় কৰা নাই। কাকত আলোচনীৰ এনে অৱস্থাত আমাৰ মনত বিভিন্ন কথাই দোলা দিছে। তাৰে দুই এক কথা অৱগত কৰিব খুজিছোঁ। প্ৰথমকথা, যিসকল ব্যক্তিয়ে কাকত বিক্ৰি কৰে সেই সকলে কোনো কাৰণতে কোনো গ্ৰাহককে কাকতখন নিকিনা পৰ্যন্ত খুলি চাবলৈ নিদিব। এনে সিদ্ধান্তই মানুহক কাকতখন কিনিবলৈ বাধ্য কৰি তুলিব। দ্বিতীয়তে আলোচনী সমূহৰ ক্ষেত্ৰটো প্ৰকাশন গোষ্ঠীয়ে আলোচনীসমূহ খুলি চাব নোৱাৰাকৈ পেকেটিং কৰি পঠোৱাৰ ব্যৱস্থা কৰক। তেতিয়া লেখকসকলেও নিজৰ লেখাটো প্ৰকাশ পাইছেনে নাই সেইটোকে জানিবলৈকে হ'লেও আলোচনীখন কিনিবলৈ বাধ্য। কাকতৰ ক্ষেত্ৰত আৰু এটা কথা মনলৈ আহিছে। দুই এক কাকত গোষ্ঠীয়ে ইতিমধ্যে কামটো আৰম্ভ কৰিছেই। অনলাইনত উপলব্ধ হোৱা যিবোৰ কাকত আছে সেইবোৰো বিনামূলীয়াকৈ চাব পৰাৰ বা পঢ়িব পৰাৰ ব্যৱস্থা বন্ধ কৰিব লাগে। তেতিয়া subscribe কৰি হ'লেও কাকতখন কিনিবলৈ বাধ্য। এয়া আমাৰ এক বিনম্ৰ অনুৰোধহে।