দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

●নাছিৰ আহমেদ অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ সকলো প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভাবে নাৰী দেৱীৰ পূজা উপাসনা চলি আহিছে। নাৰী মূৰ্ত্তিৰ ভিতৰত অষ্ট্ৰিয়াৰ উইলেনডৰ্ফৰ এটি মন্দিৰৰ ভগ্নস্তুপৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় বিছ হেজাৰ বছৰ পুৰণি চুনশিলেৰে নিৰ্মিত এক প্ৰকাণ্ড স্ফীতোদৰা নাৰী মূৰ্ত্তি।এই নাৰী মূৰ্ত্তিকেই ভেনাছ বা মহামাই বুলি গণ্য কৰা হয়। আমাৰ দেশতো … Read more

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

●সুনীল কুমাৰ শৰ্মা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ সৃষ্টিৰ লগতে দেৱীৰ মাহাত্ম্য, ৰূপ-লাৱণ্য, পূজা, ভোগ, প্ৰসাদ আদি সম্পৰ্কে কালিকাপুৰাণ, শ্ৰী শ্ৰী চণ্ডী, স্কন্ধপুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বৃহৎনন্দিকেশ্বৰ পুৰাণ আদি গ্ৰন্থত বিস্তৃত বৰ্ণনা পোৱা যায় । উক্ত গ্ৰন্থত উল্লেখিত আখ্যান সমূহৰ মতে ৰম্ভা আৰু মহিষীৰ পুত্ৰ মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰি অমৰত্ব বৰ লভিবলৈ কঠোৰতকৈও কঠোৰ তপস্যাত ব্ৰতী হ’ল … Read more

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

●ৰাহুল দেৱ বৰদলৈ “য়া দেৱী সৰ্বভূতেষু আত্মাৰূপেন সংহিতা।নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:॥”যি দেৱী মহামায়াই সমস্ত ভূততে আত্মাৰূপে বিদ্যমান হয় তেওঁ হৈছে দশভূজা দুৰ্গা। বৃহদাৰণ্যক উপনিষদত পৰম ব্ৰহ্মই কৈছে – ‘একোহহং বহুস্যাম’। অৰ্থাৎ – ‘মই এক হৈ আছোঁ, এতিয়া বহু বিভক্ত হওঁ।’ পৰমব্ৰহ্মৰ ইচ্ছাশক্তিৰ পৰাই সৃষ্টি হয় আদ্যশক্তি দুৰ্গাৰ। আচলতে আদ্যশক্তি দুৰ্গা আৰু পৰমব্ৰহ্মৰ ইচ্ছাশক্তি একেই … Read more

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

◆কুমাৰ বিভূতি আমাৰ শৈশৱৰ পৰা বৰ্তমানলৈকে সুৰৰ মায়াজালেৰে আন্দোলিত কৰি ৰখা এটা নাম জুবিন গাৰ্গ। এই মানুহজনে সমগ্ৰ পৃথিৱীখনকে সামৰি লৈছে নিজস্ব শিশুসুলভ মানসিকতাৰে আৰু সেই কৰ্মৰ ফলত যোৱা চাৰিনিশা অসমে বৰকৈ কান্দিছে। মানুহজনৰ চুলিৰ ষ্টাইল, কথা কোৱা ধৰণ, গীতৰ সুৰে ক’ব নোৱাৰাকৈয়ে মানুহবোৰৰ মনবোৰ বান্ধি পেলালে। ক’ৰবাত পঢ়া মনত পৰে যে মানুহৰ জীৱনটো বোলে … Read more

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

◆মহিব উল্লাহ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা” ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ । বহুতৰে দৰে মুখাৰ আঁৰত আন এখন মুখ লুকুৱাই ৰখা নাছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । ইয়াৰ প্ৰমাণ তেওঁ দি থৈ গ’ল অন্তিম শয়নতো । বিশ্ববাসীয়ে দেখিলে। সোণাপুৰৰ কমাৰকুছি গাঁৱৰ … Read more

অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগঃ তামোল-পাণ

অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগঃ তামোল-পাণ

◆চিন্ময় অনুৰাগ নাথ তামোল-পাণৰ ঐতিহাসিক পৰ্যায়: আতিথেয়তা আৰু সামাজিক আচাৰ: ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰত তামোল-পাণৰ প্ৰয়োগ: স্বাস্থ্যৰ ক্ষেত্ৰত তামোল-পাণ: তামোল-পাণৰ নানা ধৰণৰ প্ৰাকৃতিক গুণ আছে। পাণৰ পাতত ভিটামিন এ, ভিটামিন বি-কমপ্লেক্স, ভিটামিন চি, কেলচিয়াম, আয়ৰন, আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে স্বাস্থ্যৰ বাবে উপকাৰী। তামোলত অলপ পৰিমাণে এল্কেলয়ড থাকিলেও, ই পাচন-প্ৰক্ৰিয়া সহায় কৰে আৰু জঠৰ ৰোগৰ উপশম … Read more

অমানৱীয় উচ্ছেদ, ধুমকুৰা গাঁও আৰু গাওঁবুঢ়া দণ্ডিৰাম শইকীয়া

অমানৱীয় উচ্ছেদ, ধুমকুৰা গাঁও আৰু গাওঁবুঢ়া দণ্ডিৰাম শইকীয়া

●ৰেজাউল কৰিম ২০০৫ চনৰ ডিচেম্বৰ মাহত লাহৰিঘাটৰ ওচৰৰ চুতীয়া গাঁও, পামবৰী, ধেকেৰামাৰী, শিয়ালমাৰী কছাৰী গাঁও, ধুমকুৰা, চেনীমাৰী, এক নং টেঙাগুৰি আদি কৰি কেইবাখনো চৰ ভ্ৰমণ কৰিছিলো। ১৯৮০ চনৰ আগত এই আটাইকেইখন গাঁও আছিল, চৰ নাছিল। অঞ্চলটোৰ ভিতৰত ধুমকুৰা এখন বেপাৰ বাণিজ্যৰ বাবে প্ৰসিদ্ধ গাঁও আছিল। ইয়াত এখন ডাঙৰ বজাৰ আছিল। এইখন বজাৰৰ পৰা মৰাপাট জাহাজেৰে … Read more

জীৱন শৈলীত সৌন্দৰ্যবোধ: দক্ষিন কোৰিয়াত বিৰল অভিজ্ঞতা

জীৱন শৈলীত সৌন্দৰ্যবোধ: দক্ষিন কোৰিয়াত বিৰল অভিজ্ঞতা

●ড° শৰৎ বৰকটকী আপুনি ধুনীয়া মুখ এখনৰ অধিকাৰী হব বিচাৰে নেকি অথবা বয়সৰ চাপ লুকুৱাব বিচাৰেনেকি ! এনে প্ৰশ্নৰ উত্তৰ বিচাৰিলে ক’ব লাগিব আপুনি দক্ষিন কোৰিয়াৰ উৎপাদিত ছালৰ মলমৰ সন্ধান কৰিব লাগিব। দক্ষিন কোৰিয়ালৈ গৈহে ছালৰ লাবণ্য যে দেশ এখনৰ জাতীয় গৌৰৱৰ প্ৰতীক হব পাৰে সেই কথা বুজি পালোঁ।মানৱ সভ্যতাৰ ইতিহাসত শৰীৰ আৰু মুখৰ ছালৰ … Read more