বিহু সংকল্প

    
 ●মুৰুলী বৰুৱা
  

আকৌ আহিল অসমীয়াৰ বাপতি সাহোন হেপাঁহৰ ভোগালী বিহু । অভাৱনীয় মূল্য বৃদ্ধিয়ে কোঙা কৰিলেও অসমীয়া জাতিয়ে অতি হেপাঁহেৰে উদ্ যাপন কৰে ভোগালী বিহু । প্ৰতি বছৰে প্ৰকৃতিয়ে ভয়ংকৰ তাণ্ডৱ সৃষ্টি কৰিলেও বৃহত্তৰ অসমীয়া জাতিয়ে এই বিহুৰ অন্তহীন আনন্দ -উলাহত নিমজ্জিত হৈ পুনৰ সমন্বয়ৰ গানেৰে জাতিতোক আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হয় । কাৰণ একমাত্ৰ এই বিহুৱেই সকলোকে ঐক্যবদ্ধ হৈ থকাৰ সঞ্জীৱনী শক্তি প্ৰদান কৰে । এই বিহুতেই অসমীয়া জাতিৰ জাতীয় জীৱনৰ নতুন সাহসৰ যাত্ৰা আৰম্ভ হয় ,নতুন সংকল্প লোৱাত সাহস যোগাই । ভঙা গঢ়া ,ন পুৰণি চিৰন্তন প্ৰক্ৰিয়াৰ মাজেৰে গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিতোক বিহুৱে প্ৰতি বছৰে সোৱৰাই দিয়ে ঐক্য আৰু সংহতিৰ সাকো দালৰ কথা । বৃহত্তৰ অসমীয়া জাতিৰ বুকুত সোমাই আছে অসমৰ অসংখ্য জাতি জনগোষ্ঠী । এই সকলোবোৰ জাতি জনগোষ্ঠীৰ মান অভিমান, বিভিন্ন ঘাত-সংঘাতক মষিমূৰ কৰি বৃহত্তৰ অসমীয়া জাতি ৰূপে ঐক্যবদ্ধ কৰি ৰখাৰ মাধ্যম হব পাৰে এই বিহু । থাকিব পাৰে সকলোৰে বেলেগ ভাষা, বেলেগ পৰম্পৰা, পৃথক সাজ পোছাক ,কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত,বৰাকৰ পাৰত বৰ অসমৰ উৰ্বৰা ভূমিত থিতাপি লোৱা সকলো জাতি জনগোষ্ঠীৰ সুদীৰ্ঘ সামাজিক সংমৃশ্ৰণ প্ৰক্ৰিয়াৰ মাজেৰে গঢ় লৈ উঠা জাতিতোৱেই হৈছে অসমীয়া জাতি । কোনো ধৰ্ম বা ভাষাক কেন্দ্ৰ কৰি অসমীয়া জাতিৰ সৃষ্টি হোৱা নাছিল । কিন্তু পৰিতাপৰ কথা যে এনে এটা অনন্য বৈশিষ্ট্যৰে পৰিপূৰ্ণ জাতীক মষিমূৰ কৰিবলৈ, সেই জাতিটোৰ স্বকীয়তা আৰু সাতামপুৰুষীয়া ঐক্যত আঘাট হানিবলৈ বহু অপশক্তিয়ে বাৰম্বাৰ অপচেষ্টা চলাই আহিছে যদিও অসমীয়া জাতিৰ জাতীয় সত্বাৰ শক্তিশালী সন্মিলিত শক্তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে । কিন্তু বাৰম্বাৰ যেতিয়া এই প্ৰক্ৰিয়া চলি থাকিব তেতিয়া এই ঐক্যৰ বান্ধ কেতিয়াবা ছিগি যোৱাৰো আশংকা নথকা নহয় । এই ক্ষেত্ৰত জাতিটোৰ ৰাজহাড় ভঙাৰ বাবে এচাম তথাকথিত ৰাজনীতিক সদায়ে সক্ৰিয় হৈ আছে । একমাত্ৰ নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক অভিলাস পূৰণৰ বাবে তেওঁলোকে কাম কৰে । তেওঁলোকৰ বাবে জাতিটো ধ্বংস হৈ যাওক , মাত্ৰ পূৰণ হব লাগে তেওঁলোকৰ ৰাজনৈতিক অভিলাস । এতিয়া অসমীয়া ভাষাক আঘাট হনাৰ সামন্তৰাল ভাৱে একাংশই আকৌ নতুনকৈ অসমীয়াৰ সংজ্ঞা নিৰূপনৰ নামত অসমৰ জাতি জনগোষ্ঠী সমূহৰ মাজত বিভেদ সৃষ্টি কৰি নিজৰ নিকৃষ্ট স্বাৰ্থ সিদ্ধিৰ সপোন দেখিছে । এই সকল ধুৰন্ধৰ অজিনপাতকীসকলক বিচাৰি উলিয়াই ঐক্যবদ্ধভাৱে জাতিতোক বিপৰ্যয় পৰা উদ্ধাৰ কৰাৰ সংকল্প লব লাগিব এই এই বিহুত । জাতিৰ সংজ্ঞা নিৰূপনৰ সূত্ৰ আৱিষ্কাৰ কৰা এচাম ৰাজনৈতিক নেতাৰ পদলেহনকাৰী তথাকথিত বুদ্ধিজীৱীকো বিচাৰি উলিয়াই সামাজিক ভাৱে বৰ্জন কৰিব লাগিব । সুদীৰ্ঘ সময়ৰ সামাজিক সংমিশ্ৰণৰ গৌৰৱোজ্জ্বল ঐতিহাসিক প্ৰক্ৰিয়াৰে গঢ়ি উঠা অসমীয়া জাতিৰ নতুনকৈ সংজ্ঞা নিৰূপনৰ নামত বহুৱালি কৰা সকলক চিনাক্ত কৰাৰ সময় এতিয়া আহি পৰিছে । তাহানিৰ বৰ অসম এনে এচাম লোকৰ বাবেই ভাঙি থান-বান হৈছিল । সেয়ে এতিয়াৰ অসমখনক এনে চক্ৰান্তকাৰীৰ পৰা সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব বিভিন্ন জাতি জনগোষ্ঠীৰে ঐক্যবদ্ধ আজিৰ অসমীয়াই লব লাগিব । তাকে কৰিব নোৱাৰিলে এনেকুৱা এটা দিন আহিব যিটো দিনত অসমৰ ভূমি পুত্ৰ সকল এদিন সংখ্যালঘুত পৰিণত হব । সাম্প্ৰতিক সময়ত বৃহত্তৰ অসমীয়া জাতি হিচাপেহে আমি সংখ্যালঘু হোৱাৰ পৰা বাছি আছো । আজি যদি অসমৰ ভূমিপুত্ৰ মিচিং, বড়ো, কাৰ্বি, ৰাভা, কোচ ,মৰাণ,গৰীয়া, মৰীয়া সকলকে লৈ আন সকলো জাতি জনগোষ্ঠী পৃথক হৈ থাকিবলৈ লয় তেতিয়া সেইসকলেও নিজৰ নিজৰ এলেকাত সংখ্যালঘুলৈ যে ৰূপান্তৰিত হব সেয়া নিশ্চিত ।তাৰ জলন্ত উদাহৰণ ত্ৰিপুৰাৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি । সেয়ে আনৰ উচতনিত ভুল নগৈ এক বৃহত্তৰ অসমীয়া জাতি হিচাপে জীয়াই থাকি আমাৰ সকলোৰে ঐতিহ্য সংস্কৃতিক জীয়াই ৰখাৰ সংকল্প লোৱাৰ সময় এতিয়া । অসমীয়া ভাষা অসমৰ আন আন জাতি জনগোষ্ঠী সমূহৰ এক উমৈহতীয়া ভাষা হোৱাৰ থল থকাৰ বাবেই এই ভাষাটোকো ধ্বংস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে একাংশই । সেয়ে এই এই বিহুত আমি আকৌ এবাৰ ঐক্যবদ্ধ হোৱাৰ সংকল্প গ্ৰহণ কৰা উচিত । তাকে যদি কৰা নহয় তেতিয়া অসমত অসমীয়া নাথাকিব, নাথাকিব কোনো খিলঞ্জীয়া ভূমি পুত্ৰ । ইতিহাস হৈ পৰিব এটা বৈচিত্ৰময় চহকী অসমীয়া জাতিৰ জাতীয় সত্বা ।