বিলুপ্তপ্ৰায় ফলমুল,ঔষধি গছ সংৰক্ষণৰে জিলিকিছে কলিয়াবৰৰ মিলেনিয়াম বাগিচা

■কনক হাজৰিকা■
সাহিত্য ,সংস্কৃতিত চহকী নগাঁও জিলাৰ কলিয়াবৰ অঞ্চল কৃষি অৰ্থনীতিটো শক্তিশালী। এই কলিয়াবৰত প্ৰকৃতি সংৰক্ষণৰ নিৰলস প্ৰচেষ্টা চলি আছে। বিলুপ্তপ্ৰায় ফলমুল ,ঔষধি গছ , মূল্যবান বন্যগছ্ সংৰক্ষণ কৰি এক আদৰ্শ দাঙি ধৰিছে কলিয়াবৰৰ মিলেনিয়াম গাৰ্ডেনে (সহস্ৰাব্দ বাগিচা)। জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি স্থাপন কৰা এই বাগিচাখন এতিয়া সকলোৰে বাবে আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চিৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ হাতীগাৱৰ পৰা কিছু নিলগত কলংনৈৰ কাষৰীয়া সমতল ভুমিত স্থাপন কৰা হৈছে মিলেনিয়াম গাৰ্ডেন। ৫০ বিঘা মাটিকালিৰে পৰিবেষ্টিত এই বাগিচা। বাগিচাখনৰ এক সুত্ৰই জনোৱা মতে দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিত প্ৰকৃতি আৰু মানুহৰ অবিনাশী সম্পৰ্কৰ প্ৰতীক হিচাপে ১৯৯৯ চনৰ ৩১ডিচেম্বৰৰ মাজনিশা স্থানীয় ৰাইজ ,কলিয়াবৰৰ মহকুমা প্ৰশাসন ,কলিয়াবৰৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এই গাৰ্ডেন অনাগত দিনৰ ন- পুৰুষৰ বাবে উছৰ্গা কৰা হয়।আজি ২৪বছৰ ধৰি মিলেনিয়াম গাৰ্ডেনে নিৰন্তৰ ভাবে প্ৰকৃতি সংৰক্ষণৰ কামত আত্মনিয়োগ কৰি আহিছে। কলিয়াবৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ,শিক্ষাবিদ গুণীন হাজৰিকাৰ নেতৃত্বত ২৪ বছৰে জীপাল হৈ আছে বাগিচাখন। যোগ্যভাবে সহযোগিতা আগবঢ়াই আহিছে অবসৰপ্ৰাপ্ত কৃষি বিষয়া পীয়ুষ চন্দ্ৰ ৰয়ে। এই দূয়োজন ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা মিলেনিয়াম গাৰ্ডেন পৰ্যটনৰ বাবেও উপযুক্ত হৈ উঠিছে। আপুৰুগীয়া ফলমুল ,ঔষধি গছ , বিভিন্ন প্ৰজাতিৰ বাহগছ ,ফুল আদি বৈজ্ঞানিক পদ্ধতিৰে ৰোপণ কৰি সংৰক্ষণ কৰা হৈছে। বাগিচাখনত ৪০ বিধ বিভিন্ন প্ৰজাতিৰ বাহগছ আছে। ইয়াৰ ভিতৰত চুঙা বাহ খুলাম বাহ , শদিয়া কাক বাহ, নাঙল বাহ , মকাল বাহ , গঠীয়া ভলুকা , লতা বাহ , জাতি বাহ বৰুৱা বাহ বা পাহাৰী ভলুকা ,বুদ্ধ বাহ অন্যতম। আনহাতে কুজি -থেকেৰা , বৰ – থেকেৰা , মাহী -থেকেৰা , ৰূপহী-থেকেৰা ,চকলা টেঙা , বিলম্বি টেঙা , মিৰিকা টেঙা , নগা টেঙা , পনিয়ল , লেটেকু , কৰ্জ্জা , থেৰেজু ,শিলিখা ,অৰ্জুন গছ ইত্যাদি ,ইত্যাদিৰ লগতে বিভিন্ন প্ৰজাতিৰ নেমু ইয়াত পোৱা যায়। বিভিন্ন প্ৰজাতিৰ ফুলে সুশোভিত কৰি ৰাখিছে বাগিচাখনক। কাঞ্চন ,কামিনী কাঞ্চন , হিং আদি অন্যতম আকৰ্ষণ।শেহতীয়া ভাবে ফুলঝাৰু ৰোপন কৰা হৈছে। বাগিচা খনৰ সূত্ৰৰ পৰা।জনামতে আধুনিক প্ৰযুক্তিৰ বিষয়ে স্থানীয় কৃষক আৰু নিৱনুৱা যুবক – যুবতীক উৎসাহিত কৰি নতুন প্ৰজন্মৰ মাজত উদ্যান ভিত্তিক উদ্যোগীকৰণৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে বাগিচাখনৰ কৰ্তৃপক্ষই। বাগিচাখনত সাংগীতিক ফোৱৰা (musical fou ntain), শিশু উদ্যান ,প্ৰস্তৰ উদ্যান , থলুৱা কৃষি সজুলিৰ উদ্যান , টেৰেছ উদ্যান , ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভেটফুলৰ পুখুৰী , আলোক ব্যৱস্থা , আলোক ব্যৱস্থা , গ্ৰীণ হাউচ , মাশ্বৰুম গৃহ অৱজাৰভেশ্যন টাৱাৰ ,মাটি পৰীক্ষাগাৰ আৰু নাৰ্ছাৰী আদিৰ পৰিকল্পনা কৰি আগবঢ়া হৈছে। বাগিচাখনৰ প্ৰাকৃতিক পৰিবেশ মনুৰম। ইয়াত থকা গছৰ তলৰ মুকলি আকাশৰ তলত সুন্দৰ প্ৰাকৃতিক পৰিবেশত সভা আদি অনুস্থিত কৰিব পাৰি। বাগিচাখন বিশ্ববেংকৰ বিষয়ববীয়াই পৰিদৰ্শন কৰিছে। মন্ত্ৰী, বিধায়ক ,অসম কৃষিবিশ্ববিদ্যালয়ৰ উপাচাৰ্য আদি বিভিন্নজনে বাগিচাখন পৰিদৰ্শন কৰিছে। বিভিন্ন মহাবিদ্যালয় ,বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী ,শিক্ষক সমাজ বাগিচাখনলৈ আহি অধ্যয়ন কৰা দেখা যায়। ইয়াত গবেষণা কৰাৰো স্থল আছে। কৃষি বিভাগৰ কেবাখনো আচনি ৰূপায়ণ কৰি আৰ্থিক বিকাশৰ পথ মুকলি কৰাটো বাগিচাখনৰ উল্লেখনীয় দিশ। অবসৰ বিনোদনৰ বাবে এই বাগিচা উপযুক্ত স্থান। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িতোলাৰ অবকাশ থকা মিলেনিয়াম গাৰ্ডেনে অসমৰ আপুৰুগীয়া ফলমুল ,ফুল ,ঔষধি গছ আদি সংৰক্ষণ কৰা কাৰ্য অতি প্ৰশংসনীয়।