বিজয়া দশমীত সেনাৰ অস্ত্ৰ পূজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

অদিতি সেৱা, তেজপুৰ:বিজয়া দশমীৰ লগত সংগতি ৰাখি ভাৰত চীন সীমান্তত ভাৰতীয় সেনাই অস্ত্ৰ পূজাৰ আয়োজন কৰে । য’ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ ৰাজনাথ সিঙে কয় যে সশস্ত্ৰ বাহিনীৰ সাহস আৰু দায়বদ্ধতাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে শীৰ্ষ স্থান লাভ কৰাৰ অন্যতম মূল কাৰণ আৰু এতিয়া ভাৰত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত আছে বুলিও তেওঁ দাবী কৰে । শেহতীয়াকৈ ইটালী ভ্ৰমণৰ উদ্ধৃতি দি তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত নিৰ্মাণ কৰা মণ্টন স্মাৰক তেওঁ পৰিদৰ্শন কৰিছিল । ইটালীৰ অভিযানত যুঁজ দিয়া নায়ক য়াশৱন্ত গাডজে আৰু অন্যান্য ভাৰতীয় সৈনিকৰ অৱদানক সন্মান জনাই নিৰ্মাণ কৰা হৈছিল এই মণ্টন স্মাৰক । তেওঁ লগতে কয় যে কেৱল ভাৰতীয়ই নহয় ইটালীৰ লোকেও এই স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় । এয়া ভাৰতীয় সেনাৰ সাহসিকতাক বিশ্বজুৰি স্বীকৃতি দিয়াৰ প্ৰমাণ বুলিও তেওঁ উল্লেখ কৰে ।উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হয় । তাৰ পৰা তেওঁ সেনাৰ বিশেষ হেলিকপ্টাৰেৰে টাৱাং ভ্ৰমণ কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তৰ বুমলা পাছত উপস্থিত হৈ সীমান্ত পৰিস্থিতিৰো বুজ লয় । সেনাৰ অত্যাধুনিক টেলিস্কোপৰ জৰিয়তে সীমান্ত চকীৰো পৰ্যবেক্ষণ কৰে । প্ৰচণ্ড শীতৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে টাৱাঙৰ ৱাৰ মেম’ৰিয়েলত উপস্থিত হৈ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।