সাপ্তাহিক কাকত ‘আমাৰ অদিতি’ৰ নতুন ৱেবচাইট মুকলি

অদিতি সেৱা, নগাঁও: নগাঁৱৰ পৰা প্ৰকাশিত অসমীয়া সাপ্তাহিক কাকত ‘আমাৰ অদিতি’ৰ এটি ৱেবচাইট আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েঙে । মহাবিদ্যালয় খনৰ কম্পিউটাৰ হাবত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নতুন ৱেবচাইট www.amaraditi.com আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া ভাষনত ড° সদানন্দ পায়েঙে কয় ‘ এতিয়া ডিজিটেলৰ যুগ ।

নগাঁৱৰ দৰে এখন জিলাৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘আমাৰ অদিতি’ কাকত খনৰ কথা এই নতুন ৱেবচাইটৰ জৰিয়তে সমগ্ৰ বিশ্বতে প্ৰসাৰিত হব । এয়া নগাঁৱৰ বাবে গৌৰৱৰ কথা , অসমীয়া ভাষাৰ বাবে গৌৰৱৰ কথা । কেৱল কাকতখনে নিৰপেক্ষ ভাৱে সদায় নিজৰ দায়িত্ব পালন কৰি যাব লাগিব । শুদ্ধৰূপত ভাষাটোক ব্যৱহাৰ কৰিব লাগিব ।

অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি অসমৰ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ‘আমাৰ অদিতি’ৰ এই প্ৰয়াসক শলাগ লোৱাৰ লগতে এই নতুন ৱেবচাইটৰ জৰিয়তে অতি সহজে কাকতখন পাঠক সকলে পঢ়িব পাৰিব বুলি ব্যক্ত কৰে । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই কয় ভাষা এটা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বাতৰি কাকতৰ অপৰিসীম ভূমিকা আছে । ইতিমধ্যে বৰ কম সময়ৰ ভিতৰত ‘আমাৰ অদিতি’য়ে পাঠকৰ মাজত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । সেয়ে আশা ৰাখিছো অনাগত সময়ত শুদ্ধৰূপত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰত কাকতখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসেও নিজেই এগৰাকী পৰিবেশ কৰ্মী হিচাপে ডিজিটেল মাধ্যমটোক সমৰ্থন কৰাৰ কথা ব্যক্ত কৰে । একেটা অনুস্থানতে এই নতুন ৱেবচাইটটিৰ প্ৰস্তুতকৰ্তা কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্র তন্ময়জিৎ বৰুৱা(মন)ক অভিনন্দন জনাই অদিতি পৰিয়ালে । অনুষ্ঠানটিত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অখিল চন্দ্ৰ দাস, পলাস প্ৰতিম হাজৰিকা, নিলোৎপল বৰা, ভাস্কৰ শইকীয়া , মিন্টু কুমাৰ দাস ,নগাঁও প্ৰেছ ক্লাৱ সম্পাদক অজিত শইকীয়া , শিক্ষাবিদ মৃদুপৱন বৰা, নৌচাদ আখতাৰ হাজৰিকা, সাহিত্যিক গুণধৰ নাথ, ভৱেশ মেধি ,ছাত্র নেতা প্ৰাগজ্যোতিষ বণিয়াকে লৈ যঠেষ্ট সংখ্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।