ডিজিটেল সেৱা, গুৱাহাটী: সকলো জল্পনাকল্পনা ওৰ পেলাই বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৷ নগাঁও সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰকৈ বিজয়ী প্ৰাক্তন বিজেপি সাংসদজনে আজি মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ ভৱনত অসম জাতীয় পৰিষদৰ দ্বাৰা আয়োজিত এক যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে জাতীয় পৰিষদত যোগদান কৰে ৷ যোগদানৰ প্ৰাকক্ষণত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইয়ে। আজি অজাপত যোগদান কৰাৰ পাছত তেওঁৰ পূৰ্বৰ দল বিজেপিৰ বিৰুদ্ধে পুনৰ সোঁচ্চাৰ হৈ পৰে বৰ্ষীয়ান নেতাগৰাকী। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে অসমক ‘পুলিচ শাসিত’ ৰাজ্যত পৰিণত কৰিছে আৰু ‘হিটলাৰৰ দৰে’ স্বৈৰাচাৰী শাসন চলাইছে। নিজৰ কণ্ঠ আৰু স্বায়ত্তশাসন হেৰুৱাই অসমৰ জনসাধাৰণে কাৰ্যকৰীভাৱে ৰাজ্যৰ নিয়ন্ত্ৰণ দিল্লীৰ হাতত অৰ্পণ কৰিছে বুলিও কয় প্ৰবীণ নেতাগৰাকীয়ে।‘‘মই বহু জাতীয় দলৰ শাসন দেখিছোঁ, এনে লাগে যেন আমি নিজৰ ৰাজ্য দিল্লীৰ হাতত গতাই দিছো।” অসমৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিজেপি নিজৰ “বৃহত্তম শত্ৰু” হৈ পৰিছে বুলি উল্লেখ কৰি গোহাঁইয়ে কয়। অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ সমন্বিতে নেতা-কৰ্মীসকলে ৰাজেন গোঁহাইক দললৈ আদৰণি জনায়। বিজেপি চৰকাৰে একনায়কত্ববাদী শৈলীৰ কাম-কাজ জাপি দিয়া বুলি গোহাঁয়ে আক্ষেপ প্ৰকাশ কৰে। ‘‘সমগ্ৰ প্ৰশাসন যন্ত্ৰটো বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে।’’ তেওঁ অভিযোগ কৰে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে উল্লেখ কৰি গোহাঁয়ে কয়, “জুবিনে কৈছিল অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগিব। আমি তেওঁৰ আদৰ্শৰে আগবাঢ়ি যাম। কোনো সম্প্ৰদায়ে পথাৰ পৰিত্যাগ কৰি আগবাঢ়িব নোৱাৰে।” জাতীয় সংগঠনসমূহে অসমৰ মাটি আৰু সম্পদৰ ওপৰত বাহিৰৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাজেন গোঁহায়ে। কংগ্ৰেছৰ সৈতে মতানৈক্য প্ৰকাশ কৰিলেও গোহাঁইয়ে কয় যে তেওঁ “সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই” মিত্ৰতাৰ বাবে আগ্ৰহী। ‘‘কংগ্ৰেছৰ সকলো বেয়া নহয়, কংগ্ৰেছত বেয়া কাম কৰাসকলে এতিয়া বিজেপিক নেতৃত্ব দিছে।’’ গোঁহায়ে মন্তব্য কৰে। উল্লেখ্য যে বিগত মাহত বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বিজেপি ত্যাগ কৰিছিল। এসময়ত ৰাজ্যত বিজেপিৰ কোনো সংগঠন নথকাৰ সময়ত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি সাংগাঠনিক তৎপৰ বৃদ্ধি কৰাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ পৰা একেৰাহে বিজয়ী হৈছিল চাৰিবাৰকৈ I আনকি ২০১৪ চনত মোদী মন্ত্ৰীসভাত ৰে’ল ৰাজ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । ড: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গোঁহাইক কেবিনেট মৰ্যাদা দি খাদ্য আৰু অসামৰিক নিগমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ কিন্ত একাদিক্ৰমে ২০১৯ আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোঁহাই ৷ একেদৰে ৰাজ্যসভাৰ সদস্যৰ পদৰ পৰাও হৈছিল বঞ্চিত। যাৰবাবে মনে মনে ক্ষোভিত হৈ থাকি সময়ে সময়ে দলৰ ভিতৰত থাকিও কেতবোৰ মন্তব্য দি দলৰ ৰোষত পৰি ক্ৰমাৎ দলৰ মজিয়াত হৈ পৰিছিত একাষৰীয়া। অৱশ্যে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাৰ পিছত ৰাজেন গোঁহাইক দলৰ মজিয়াত উচিত আসন দিয়া হৈছিল যদিও গোঁহায়ে দলৰ ভিতৰত থাকি ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতৃবৰ্গৰে এক মিলিত হৈছিল চলিত বৰ্ষৰ মাজভাগত । তেতিয়াৰে পৰা ৰাজ্যৰ ৰাজনীতিত এক চৰ্চা চলি আছিল ৷অৱশেষত সকলো জল্পনাকল্পনাৰ অন্তত বুধবাৰে আনুষ্ঠানিকভাৱে আঞ্চলিকতাবাদৰ পোচাক পিন্ধিলে বৰ্ষীয়ান ৰাজনীতিকজনে ৷
অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে