নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ক্ৰীড়া সন্থাৰ ক্ৰিকেট খেল অনুষ্ঠিত

নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ক্ৰীড়া সন্থাৰ ক্ৰিকেট খেল অনুষ্ঠিত

ডিজিটেল সেৱা, নগাঁও: ব্যস্ততাপূৰ্ণ জীৱনশৈলীত ক্ৰীড়া বা খেল-ধেমালিৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ক্ৰীড়াই মানুহৰ শাৰীৰিক সুস্থতা বজাই ৰখাৰ লগতে শৰীৰ সজীৱ আৰু সক্ৰিয় কৰি ৰখাত বিশেষভাৱে সহায় কৰে। ​এই উদ্দেশ্য আগত ৰাখিয়েই,২৭ জুন তাৰিখে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন একাদশ আৰু নগাঁও জিলা ক্ৰীড়া সন্থা (প্ৰাক্তন খেলুৱৈ)ৰ মাজত এক বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। ​ … Read more

নগাঁৱত আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰে জিলা আয়ুক্তই

নগাঁৱত আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰে জিলা আয়ুক্তই

ডিজিটেল সেৱা: নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১৮ জুনলৈ অনুষ্ঠিত হৈছে নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬। নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ নুৰুল আমিন ষ্টেডিয়ামত উৎসাহ-উদ্দীপনাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উদ্বোধনী ভাষণত জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নয়নত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় … Read more

উড়ান’ U-20 সীমান্ত কন্যা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়

উড়ান’ U-20 সীমান্ত কন্যা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়

ডিজিটেল সেৱা, উদালগুৰি: উদালগুৰি জিলাৰ ওৰাংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত ‘উড়ান’ U-20 সীমান্ত কন্যা ফুটবল চেম্পিয়নশ্বিপ ২০২৬-ৰ জাঁকজমকপূর্ণ ফাইনেল খেলখন উৎসাহ-উদ্দীপনা আৰু ব্যাপক জনসমাগমৰ মাজেৰে সফলতাৰে সম্পন্ন হয়। সীমান্ত অঞ্চল আৰু চাহ বাগিচা সম্প্ৰদায়ৰ যুৱতীসকলৰ মাজত ফুটবল খেলৰ বিকাশ আৰু মহিলা সশক্তিকৰণৰ লক্ষ্যৰে আয়োজিত এই চেম্পিয়নশ্বিপে সমগ্ৰ অঞ্চলত ব্যাপক সঁহাৰি লাভ কৰে।ফাইনেল খেল উপভোগ … Read more

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

ডিজিটেল ডেস্ক: ড্ৰেছিং ৰূমত চিগাৰেট হুপি জৰিমনাৰ সন্মুখীন ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰূমৰ ভিতৰত ‘ভেপিং’ (ই-চিগাৰেট হুপি থকা) কৰি ধৰা পৰাৰ পিছত তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে । লগতে তেওঁৰ গুৰুত্বপূৰ্ণ খেলুৱৈ জীৱনত ‘ডিমেৰিট পইণ্ট’ দিয়া হৈছে । আইপিএলৰ এক প্ৰেছ … Read more

টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী সিমু দাসৰ গৃহত আয়ুক্ত দেৱাশীষ শর্মা

টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী সিমু দাসৰ গৃহত আয়ুক্ত দেৱাশীষ শর্মা

ডিজিটেল সেৱা: ২০২৫ বৰ্ষৰ শ্ৰীলংকাত অনুষ্ঠিত মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা নগাঁও জিলাৰ কঠীয়াতলী কছাৰীবস্তি স্থিত সিমু দাসৰ বাসসগৃহত ০৯ ডিচেম্বৰ তাৰিখে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত হৈ খেলুৱৈ গৰাকীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয়। আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, ভিন্ন প্ৰত্যাহ্বান আৰু শাৰীৰিক বাধাকো নেওচি ক্ৰীড়াৰ জগতত নিজৰ অদম্য … Read more

ৰোহিত শৰ্মাৰ শতক: অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ৰোহিত শৰ্মাৰ শতক: অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ডিজিটেল সেৱা: ৰোহিত শৰ্মাৰ শতক আৰু বিৰাট কোহলীৰ অভিলেখ বাবেই তৃতীয়খন এদিনীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে । এই পৰাজয়ৰ পিছতো অষ্ট্ৰেলিয়াই তিনিখন মেচৰ শৃংখলাটো ২-১ত জয়লাভ কৰে । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৬.৪ অভাৰত ২৩৬ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । হৰ্ষিত ৰাণাই ৪টা উইকেট দখল কৰে । ইয়াৰ বিপৰীতে … Read more

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

ডিজিটেল সেৱা: মিছা আঞ্চলিক মিলন সংঘৰ উদ্যোগত মিছা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা গজেন্দ্ৰ নাথ বৰুৱা আৰু পুলিনা বৰুৱা দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল শনিবাৰে অনুষ্ঠিত হয়। চুড়ান্ত খেলত মিছা চাহবাগিচা ফুটবল একাদশ আৰু পানীগাঁও ফুটবল একাদশ দলে অংশগ্ৰহণ কৰে। আৰম্ভণিৰ পৰাই খেলখন উত্তেজনা পুৰ্ণ আছিল যদিও চুড়ান্ত খেলখনত চুড়ান্ত বিজয়ীৰ খিতাপ … Read more

৭ উইকেটত পৰাস্ত পাকিস্তান: ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান

৭ উইকেটত পৰাস্ত পাকিস্তান: ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান

ডিজিটেল সেৱা:এছিয়া কাপত ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান । ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে ১৬ নং অভাৰত ৩টা উইকেট হেৰুৱাই ১২৮ ৰাণৰ লক্ষ্যত উপনীত হয় । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি পাকিস্তানে বেটিং কৰিবলৈ বাছি লৈ ৯ টা উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে । এই গ্ৰুপ-এ মেচখনত ভাৰতীয় বলাৰসকলে … Read more

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

ডিজিটেল সেৱা:অষ্ট্ৰেলিয়াৰ তাৰকা খেলুৱৈ, বেগী বলাৰ মিচেল ষ্টাৰ্কৰ ডাঙৰ ঘোষণা। অৱসৰৰ কথা ঘোষণা কৰিলে ক্ৰিকেট তাৰকাগৰাকীয়ে। এই খবৰ শুনি তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।মিচেল ষ্টাৰ্কে কয় যে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ লক্ষ্য এতিয়া দেশৰ ব্যস্ত টেষ্ট সূচীত নিজকে আত্মনিয়োগ কৰি ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে নিজকে ফিট কৰি ৰখা।৩৫ বছৰীয়া … Read more

কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু ভাৰত

কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু ভাৰত

অদিতি সেৱা:২০৩০ চনৰ কমনৱেলথ গেমছক আয়োজন কৰাৰ বাবে ভাৰতৰ আহ্বানক অনুমোদন জনাইছে। ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে ১৩ আগষ্টত এখন বিশেষ সাধাৰণ সভাত অনুষ্ঠিত হয়। এই আহ্বান ৩১ আগষ্টৰ সময়সীমাৰ আগতেই হৈছিল, কিয়নো নিবিদাৰ নথি দাখিলৰ শেষ তাৰিখ আছিল ৩১ আগষ্ট ।কমনৱেলথ গেমছ আয়োজনৰ ভাৰতৰ ক্ৰমবৰ্ধমান উচ্চাকাংক্ষাক আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট আয়োজনৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে দেখা গৈছে ৷ … Read more