ডিজিটেল সেৱা, নগাঁও: নগাৱঁৰ সংবাদ সেৱা ক্ষেত্ৰখনিৰ অন্যতম বাটকটীয়া সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ড° আবু হানিফাৰ সোঁৱৰণত হয়বৰগাওঁ প্ৰেছ ক্লাবে বিগত ২ বছৰ ধৰি এটি স্মাৰক বঁটা প্ৰতি বছৰে আগবঢ়াই আহিছে। এইবেলি এই বঁটাৰ বাবে ধিং প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু নগাওঁ প্ৰিন্ট মিডিয়া এচ’চিয়েচনৰ কাৰ্যকৰী সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমেন কুমাৰ দাসৰ নাম বিবেচনা কৰা হৈছে । ৰাজ্যৰ বিভিন্ন কাকত অলোচনীত নিয়মিয়াকৈ লিখা প্ৰকাশ পাই অহা সাংবাদিক হেমেন কুমাৰ দাসৰ “শব্দৰ ক’লাজ” শীৰ্ষক এটি প্ৰৱন্ধ সংকলনো ইতিমধ্যে প্ৰকাশ পাইছে । প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হৈ আহিছে । তদুপলক্ষ্যে অহা ১৬ নবেম্বৰ তাৰিখ দেওবাৰে নগাওঁ চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত তেখেতক এই বঁটা আগবঢ়োৱা হ’ব বুলি হয়বৰগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱা আৰু সম্পাদক মোস্তাফা কামালে এক বিজ্ঞপ্তি যোগে জনাইছে । আন হাতে একেটা বিজ্ঞপ্তিতে জনোৱা মতে হয়বৰগাওঁ প্ৰেছ ক্লাৱৰ সৌজন্যত জীৱন জোৰা সাধনাৰ স্কীকৃতি স্বৰূপে নগাঁৱৰ বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতীক বিশেষ সন্মান আৰু সম্বৰ্ধনা জনোৱাৰো দিহা কৰা হৈছে । ১৬ নবেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰেছ ক্লাৱৰ সদস্য সকলৰ দ্বাৰা তেখেতক এই সন্মান আৰু সম্বৰ্ধনা জনোৱা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিতটোত প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে ৰাজেন বৰকাকতীয়ে দৈনিক অসম কাকতত সাংবাদিকতা কৰি বৰ্তমানে অৱসৰ গ্ৰহণ কৰিছে ।
ড° আবু হানিফা স্মাৰক সাংবাদিক বঁটা জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ