ঐতিহাসিক ‘ডবাক’ ৰজাৰ ৰাজধানীৰ জৰাজীৰ্ণ ৰূপ দেথি হতবাক বিধায়ক অখিল গগৈ

জমিৰ উদ্দিন তালুকদাৰ

সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ঐতিহাসিক ডবাক ৰজাৰ ৰাজধানী হিচাপে চিহ্নিত ঐতিহাসিক স্থান হিচাপে পৰিচিত ডবকাৰ মিকিৰআটি হাঁওগাঁৱত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ মটবন বুলি পৰিচিত এই প্ৰসিদ্ধ স্থানত সপত্নীক উপস্থিত হৈ ৰজাদিনীয়া পুৰণি কৃতিচিহ্নসমূহ পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। সপ্তম শতিকাৰ এই শিলৰ ভাস্কৰ্য্যসমূহ দেখি আপ্লুত হৈ পৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ এই ঐতিহাসিক স্থানত থকা প্ৰত্নতত্ব বিভাগৰ যাদুঘৰো পৰিদৰ্শন কৰে নেতা গৰাকীয়ে৷ যাদুঘৰৰ উপৰিও এই স্থানত থকা পুৰণি কলীয়া মন্দিৰৰ শিলত কটা দেৱ-দেৱীৰ মূৰ্তিৰ ভগ্নাবশেষ সমূহো চাই ইয়াৰ জৰাজীৰ্ণ ৰূপ দেখি হতবাক হৈ পৰে অখিল গগৈ। শিলত কটা প্ৰতিটো মূৰ্তি তন্ন তন্নকৈ চালে অখিল গগৈয়ে। মাটিত পুত যোৱা শিলৰ ভাস্কৰ্যসমূহৰ এই অনাদৰ আৰু বিভাগীয় অৱজ্ঞা দেখি উদ্বেগ প্ৰকাশ কৰে বিধায়ক গগৈয়ে। লগে লগে ফোন কৰে প্ৰত্নতত্ব বিভাগৰ সঞ্চালকক৷ কিয় ইমান অৱহেলিত প্ৰায় ২৫ বিঘাৰো অধিক ভূমিত থকা ডবাক ৰজাৰ ৰাজধানী? সঞ্চালকৰ উত্তৰত মুঠেও সন্তুষ্ট নহ’ল বিধায়ক অখিল গগৈ। নতুন চৰকাৰৰ বাজেটত ডবাক ৰজাৰ ৰাজধানী সংৰক্ষণৰ বাবে পুঁজি আবন্টনৰ পোষকতা কৰে বিধায়ক অখিলে। কথিত আছে যে তাহানিৰ দিনত ‘ডবাক’ নামৰ ৰাজ্যখনৰ ৰাজধানী আছিল এই মিকিৰআটি হাঁওগাঁৱৰ মটবনত৷ কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ বাবে এইসমূহ ভাঙিছিঙি, জহি খহি যায়৷ পাছত যিসমূহ ভগ্নাৱশেষ এই স্থানত পোৱা গৈছিল ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগে সংৰক্ষণৰ কিছু ব্যৱস্থা কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয়৷ এই স্থানত থকা এঘাৰটা টিলাৰ ভিতৰত এটা টিলা খনন কৰি ইয়াত থকা সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত থকা ৰাজ্যিক যাদুঘৰত ৰখা হৈছে বুলি স্থানীয়সকলে ক’ব খোজে৷ বাকী থকা টিলা কেইটা এতিয়াও খনন কৰিবলৈ বাকী আছে৷ পৰিদৰ্শন কালত এই স্থানৰ বয়োজ্যেষ্ঠ, কনিষ্ট লোকৰ লগত ইয়াৰ ইতিহাস, আৰু অভাৱ অভিযোগসমূহৰো বুজ লয় ৰাইজৰ দলৰ নেতা গৰাকীয়ে৷ সাংবাদিকৰ সন্মুখত অখিল গগৈৰ মন্তব‍্য–ডবকাৰ এই স্থানত সমগ্ৰ অসমৰ এটি ইতিহাস লুকাই আছে৷ আহোমসকল অহাৰ পূৰ্বে অৰ্থাৎ সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত হয়তো ইয়াত কছাৰী ৰজাৰ ৰাজ্য আছিল। হয়তো এইখনকেই ডবাক ৰাজ্য বুলি কোৱা হৈছিল৷ ইয়াৰ ওপৰত বহুত বেছি গবেষণা আৰু অধ্যয়ন নোহোৱাৰ বাবে সঠিকভাবে একো কব পৰা নাযায় বুলি কয় গগৈয়ে৷ এই ঠাইখিনিতেই লুকাই আছে অসমীয়া জাতিৰ এটা যুগৰ ঐতিহ্য আৰু ইতিহাস৷ আহোমসকল অহাৰ পূৰ্বেই যে অসমত সভ্যতাৰ আৰম্ভণি হৈছিল ৰাজ্য যে চলি আছিল এই কথাই প্ৰমাণ কৰে ডবকাৰ এই মটবনৰ পৰিত্যক্ত অৱশিষ্টখিনিয়ে৷ গোলাঘাটৰ তেলিশাল, দুৱৰনীৰ পৰা আৰম্ভ কৰি ডবকা, ডিমা হাচাওৰ পৰা বিস্তৃত হোজাইৰ ৰাজবাৰী আদি অঞ্চলসমূহতো কছাৰী ৰাজ্যৰ অৱশেষসমূহ দেখিবলৈ পোৱা যায় বুলি বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে৷ এই বৃহৎ এলেকা ধৰি যে কছাৰী ৰাজ্যসমূহ আছিল সেই সমূহৰ ঐতিহ্যৰ বিষয়ে যিদৰে অধ্যয়ন আৰু গৱেষণা হ’ব লাগিছিল, সেইখিনি হৈ নুঠিল বুলি আক্ষেপ অখিল গগৈৰ। এইবোৰৰ উপযুক্ত অধ‍্যয়ন আৰু গবেষণা হ’লেহে অসমীয়া জাতি আৰু সভ‍্যতাৰ বহু নজনা কথা পোহৰলৈ আহিব। নেতা গৰাকীয়ে আক্ষেপ কৰি কয় যে এই স্থানত থকা ঐতিহাসিক এই সমল, ভগ্নাৱশেষবোৰ অনাদৰ হৈ পৰি আছে ৷ প্ৰত্নতত্ব বিভাগে যিদৰে সংৰক্ষণ কৰিব লাগিছিল, সেই অনসৰি সংৰক্ষণ কৰিব পৰা নাই বুলি কয় অখিল গগৈয়ে৷ আনকি ঐতিহাসিক সমলসমূহ থকা এই স্থানত চাৰিওকাষে পকীবেৰো নথকাত অতি আশ্চৰ্য প্ৰকাশ কৰে নেতা গৰাকীয়ে৷ চৰকাৰ আহিছে আৰু গৈছে, কোনো এখন চৰকাৰে আমাৰ এই ইতিহাসিক সমল, আমাৰ জাতি, ঐতিহ্য, আমাৰ মাটি, আমাৰ ভেটি আদিক লৈ গুৰুত্ব নিদিয়াৰো অভিযোগ ৰাইজৰ দলৰ নেতাগৰাকীৰ৷ তেওঁ ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালকক এই স্থানসমূহ সংৰক্ষণৰ বাবে যিখিনি পুঁজিৰ দৰকাৰ হ’ব, সেইখিনিৰ বাবে বাজেট দাখিল কৰিবলৈ কয়৷ অহা বাজেট অধিবেশনত এই বাজেটত অনুমোদন জনাই আমাৰ ঐতিহাসিক স্থান সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে নেতা গৰাকীয়ে।উল্লেখ‍্য একাংশ ইতিহাসবিগৰ মতে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই এলাহবাদত চতুৰ্থ শতিকাত প্ৰতিষ্ঠা কৰা প্ৰয়াগ প্ৰশস্তিত খোদিত কৰা শিলালিপিত ডবাক ৰাজ‍্যৰ কথা উল্লেখ আছে। হেজাৰ বছৰীয়া ৰজাদিনীয়া কৃতি চিহ্ন মট-মন্দিৰৰ ভগ্নাৱশেষে তাৰেই সাক্ষ‍্য বহন কৰিছে। কিন্তু ডবকাৰ এই ঐতিহাসিক মট-মন্দিৰ, প্ৰত্নতত্ব সমল সমূহ আজি অনাদৃত, অৱহেলিত৷

Related Articles