ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৃস্পতিবাৰে পুৱাই খাদ্য সুৰক্ষা বিষয়া, মীন বিষয়া আৰু খাদ্য সুৰক্ষাৰ ভ্ৰাম্যমান পৰীক্ষাগাৰ বাহন লগত লৈ চহৰখনৰ মৰিকলং স্থিত মাছৰ পাইকাৰী বজাৰ আৰু বৰবজাৰৰ মাছৰ বজাৰত কানপুৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰিবলৈ উপস্থিত হয় আৰু তাৰে কিছু সংখ্যক মাছৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে ।

ইয়াৰ পিছতেই আয়ুক্ত গৰাকীয়ে নগাঁও চহৰ স্থিত পাইকাৰী পাচলি বজাৰখনত উপস্থিত হৈ বিক্ৰীৰ বাবে মজুত ৰখা পাচলি সমূহত কীটনাশক ঔষধৰ ব্যৱহাৰৰ পৰিমাণ নিৰ্ধাৰণৰ বাবে বিভিন্ন পাচলিৰ নমুনা সংগ্ৰহ কৰে। আয়ুক্ত গৰাকীয়ে লগতে, চহৰখনৰ মৰিকলং স্থিত বিজু ঘোষৰ মালিকীস্বত্বত থকা মিঠাই প্ৰস্তুত কৰা কাৰখানাটো পৰিদৰ্শন কৰি অস্বাস্থ্যকৰ পৰিবেশত মিঠাই প্ৰস্তুত কৰা প্ৰত্যক্ষ কৰি কাৰখানাটো তৎকালীন ভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰু বিভাগীয় বিষয়া সকলে উক্ত কাৰখানাটো লগে লগে বন্ধ কৰি দিয়ে ।

পুনৰ জিলা আয়ুক্ত গৰাকীয়ে ধিং গেট স্থিত পি.এন.বি. মিঠাই দোকানৰ শেনচোৱাত থকা মিঠাই কাৰখানাত উপস্থিত হৈ ড্ৰেন ব্যৱস্থাৰ কদৰ্য ৰূপ প্ৰত্যক্ষ কৰি বিভাগীয় বিষয়াক Improvement Notice তৎকালীন ভাবে দিবলৈ নিৰ্দেশ দিয়াৰ লগতে এই জাননীৰ নির্দেশ অমান্য কৰিলে কাৰখানা মালিকৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । এই পৰিদৰ্শন কালত নগাঁৱৰ জেষ্ঠ খাদ্য সুৰক্ষা বিষয়া মুনিন্দ্ৰ ভূঞা, কনিষ্ঠ খাদ্য সুৰক্ষা বিষয়া চুমু শইকীয়া আৰু নগাঁও মহকুমা মীন উন্নয়ন বিষয়া লিজা মৰাং, মীন উন্নয়ন বিষয়া শৰ্মিষ্ঠা বৰমুদৈকে প্ৰমুখ্যে কৰি খাদ্য সুৰক্ষা আৰু মীন বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে।