◆জমিৰ উদ্দিন তালুকদাৰ◆
অসমৰ ৫৪খন স্কুলক সামৰি স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ অধীনত পৰিচালিত মৰ্কজ গ্ৰুপ অৱ স্কুলছৰ বাৰ্ষিক অনুষ্ঠান ‘ছিৰাতুন নবী বৃস্পতিবাৰে হোজাইত আৰম্ভ হৈছে৷ মহাপুৰুষ তথা পয়গম্বৰ হজৰত মহম্মদৰ জীৱন আৰু শিক্ষাসমূহৰ পৰা শিক্ষাৰ্থীসকলে যাতে নৈতিক প্ৰমূল্যবোধৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় সেই উদ্দেশ্যৰে মৰ্কজুল মা’আৰিফৰ অধীনত পৰিচালিত সকলো স্কুলত পালন কৰা হয় বছৰেকীয়া চিৰাতুন নবী অনুষ্ঠান।

তাৰ পিছত হোজাইত হয় কেন্দ্ৰীয় চিৰাতুন নবী কাৰ্যসূচী। পুৱা মৰ্কজ মডেল গাৰ্লছ স্কুলত কুৰআন পাঠৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভণি হয় য’ত ‘নবীজনাৰ শিক্ষাৰ আধাৰত পিতৃ-মাতৃৰ সেৱা’ৰ বিষয়ে ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা, ‘নাৰীৰ অধিকাৰ, মহানবীৰ আগমনৰ আগত আৰু পিছত’ বিষয়ৰ ওপৰত ৰচনা প্ৰতিযোগিতা আৰু নবীৰ জীৱন-ভিত্তিক কুইজ প্ৰতিযোগিতা আয়োজিত হয়৷

শুকুৰবাৰে এই প্ৰতিযোগিতাবোৰৰ ফাইনেল অনুষ্ঠিত হ’ব য’ত উপস্থিত থাকিব মৌলানা বদৰুদ্দিন আজমল৷ উল্লেখযোগ্য যে, এইবাৰ দুদিনীয়া ‘ছিৰাতুন নবী’ কাৰ্যসূচী ইতিমধ্যে মৰ্কজ গ্ৰুপৰ সকলো স্কুলত পালন কৰা হৈছে। এতিয়া, এই ৫৪খন স্কুলৰ প্ৰচেষ্টাক একত্ৰিত কৰি কেন্দ্ৰীয় ছিৰাতুন নবী অনুষ্ঠান ২০, ২১, আৰু ২২ নৱেম্বৰ- এই তিনিদিন ধৰি মৰ্কজ মডেল গাৰ্লছ চিনিয়ৰ ছেকণ্ডাৰী স্কুল আৰু মৰ্কজ একাডেমী, হোজাইৰ আতিথ্যত আৰম্ভ হৈছে।