ডিজিটেল সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ নিৰ্বাচনী দিন ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগে নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰস্তুতি তীব্রতৰ কৰি তুলিছে। এই প্ৰস্তুতিৰ অংশস্বৰূপে মঙ্গলবাৰে জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত, জিলা আয়ুক্তই গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখি নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ, অন্তৰ্ভুক্তিমূলক,শান্তিপূৰ্ণ আৰু ভোটাৰ অনুকূল কৰি তোলাটোৱে মূল লক্ষ্য বুলি প্ৰকাশ কৰে।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অহা ৬ অক্টোবৰ তাৰিখে ভোটগ্ৰহণ আৰু ৯ অক্টোবৰ তাৰিখে ভোটগণনা সম্পন্ন হ’ব। বৈঠকত নিৰ্বাচনৰ সময়সূচী অনুসৰি ১৬ ছেপ্টেম্বৰলৈ মনোনয়ন পত্ৰ গ্ৰহণ, ১৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি সেই দিনটোতে বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা আৰু প্ৰাৰ্থীসকলে ১৯ ছেপ্টেম্বৰলৈ নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা আদি বিভিন্ন কাৰ্যসূচীৰ লগতে নিৰ্বাচনী আচৰণ বিধি অনুসৰি ল’বলগীয়া আটাইবোৰ কাৰ্যৰ বিষয়ে আলোকপাত কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীৰ উপস্থিতিত আয়োজিত এই গুৰুত্বপূৰ্ণ বৈঠকত জিলা আয়ুক্তই আগন্তুক উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আদৰ্শ আচৰণ বিধি কঠোৰভাৱে পালন কৰিবলৈ সকলো প্ৰশাসনিক, আৰক্ষী আৰু বিভাগীয় বিষয়াক স্পষ্ট নিৰ্দেশ দিয়ে। লগতে নিৰ্বাচনৰ লগত জড়িত প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰি আগতীয়াকৈ যাৱতীয় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আয়ুক্তগৰাকীয়ে নির্দেশ প্ৰদান কৰে।

জেষ্ঠ্য আৰক্ষী অধীক্ষকে সমাগত উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব বুলি উল্লেখ কৰি সকলো স্তৰতে আইন-শৃংখলা পৰিস্থিতি ক্ষুণ্ণ ৰাখিবলৈ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে বুলি অৱগত কৰে। তেওঁ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা আৰু সংবেদনশীল অঞ্চলসমূহত অতিৰিক্ত বাহিনী নিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত, ৰহা সম-জিলাৰ আয়ুক্ত, ড৹ অংকিতা বৰা, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে পল্লৱী গগৈ, কমল জিৎ শৰ্মা, গোপাল শৰ্মা, মৃদুল বড়ো, দিপাংকৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ, নিৰ্বাচনী বিষয়া, প্ৰতিশা দত্ত, সহকাৰী আয়ুক্ত,শেখৰণ ফুকন, প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চি. আৰ.পি.এফ, চক্ৰ বিষিয়াসকল, খণ্ড উন্নয়ন বিষিয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।