ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নগাঁও জিলা ৰাজ্যৰ ভিতৰত শীৰ্ষত

ডিজিটেল সেৱা, নগাঁও: চলিত বিধানসভা নিৰ্বাচনত ঘৰে ঘৰে গৈ ভোট সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষস্থান অধিকাৰ কৰা জিলা সমূহৰ ভিতৰত নগাঁও জিলাই ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ জিলা হিচাপে পৰিগণিত হৈছে। যোৱা ২ এপ্ৰিলৰ পৰা ৪ এপ্ৰিলৰ ভিতৰত জিলাখনৰ আগ্ৰহী ৮৫ বছৰৰ উৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিকভাবে বাধাগ্ৰস্ত ব্যক্তিক নিজৰ ঘৰৰ পৰাই ভোট দিয়াৰ সুবিধা প্ৰদান কৰা হৈছিল। সেই উদ্দেশ্যে গঠিত ৬৫ টা দলে জিলাখনৰ দূৰ-দূৰণীৰ বহু আওহতীয়া ঠাইলৈ গৈও নিৰ্দিষ্ট ভোটাৰৰ ঘৰৰ পৰা তেওঁৰ ভোট সংগ্ৰহ কৰে। জিলাখনত থকা এনে ৩,৯৯৭ জন ভোটাৰৰ ৯৭ শতাংশৰ পৰাই সফলতাৰে ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হয়, যিটো পৰিসংখ্যা ৰাজ্যৰ ভিতৰত অন্যতম সৰ্বোচ্চ বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে। তেওঁ জনোৱা মতে, ইতিমধ্যে মৃত্যু হোৱা বা শাৰীৰিক অসুস্থতাৰ বাবে জিলাৰ বাহিৰলৈ স্থানান্তৰিত হোৱা আদি কাৰণত তিনি শতাংশ ভোটাৰক ঘৰত পোৱা নগ’ল । জিলাখনৰ অতিৰিক্ত আয়ুক্ত কমল শৰ্মাৰ নেতৃত্বত গঠিত পোষ্টেল বেলট কোষৰ এই বিশেষ সফলতাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কোষৰ সমূহ বিষয়া-কৰ্মচাৰীলৈ আন্তৰিক ওলগ জনাইছে।

Related Articles