ডিজিটেল সেৱা: নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ মাজতে আজি জুৰীয়াত এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলে সোমবাৰে এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। জুৰীয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিশাল নিৰ্বাচনী সভাত আজমলে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তত কয়, “কংগ্ৰেছে চৰকাৰ ক’ত কৰিব গৌৰব গগৈ নিজেই হাৰি আছে ।”হেলিকপ্টাৰেৰে আহি জুৰীয়াত উপস্থিত হোৱা এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে ৰূপহীহাট সমষ্টিৰ দলীয় প্ৰাৰ্থী আমিনুল ইছলাম আৰু চামগুৰি সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখি আজমল অভিভূত হৈ পৰে। সভাত ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামে কংগ্ৰেছ দলৰ বিষয়ে ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে নুৰুল হুদাৰ দূৰ্নীতি-ভ্ৰষ্টাচাৰ কথা উল্লেখ কৰি ক্ষুৰধাৰ সমালোচনাৰে থকা সৰকা কৰে। সভাত চামগুৰি সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজে ভাষণত কয়- মই আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কও মই চামগুৰি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ’ম।আনহাতে যদি বিজেপিয়ে ১২৬ টা সমষ্টিৰ ১২৫ টাও দখল কৰে তথাপিও বিধান সভাত হিমন্তৰ চকুৰ ওপৰত চকু থৈ আঙুলি টোৱাই জাতিৰ হকে মাত মতাৰ ক্ষমতা মোৰ আছে আৰু কৰি দেখুৱাম। ইংৰাজী, হিন্দী, বাংলা যি ভাষাতেই কব তাক সেই ভাষাতেই জবাব দিয়া হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।নিৰ্বাচনী সভাখনত দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা আৰু প্ৰাৰ্থী উপস্থিত থকাৰ লগতে দলীয় নেতা চম্পক কলিতা আৰু ড° আদিত্য লাংথাছাও উপস্থিত থাকে। বিশাল জনসভাত বদৰুদ্দিন আজমলে বিশেষ দীঘলীয়া ভাষণ প্ৰদান কৰা পৰিলক্ষিত নহ’ল। তেওঁ কেৱল ৰাইজৰ মৰম আৰু উপস্থিতিৰ শলাগ লৈ চামগুৰি,ৰূপহীহাট আৰু ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনৰ পূৰ্বে জুৰীয়াত এ আই ইউ ডি এফৰ এই শক্তি প্ৰদৰ্শনে সমষ্টিকেইটাত কংগ্ৰেছৰ বাবে নিৰ্বাচনী সমীকৰণ অধিক জটিল কৰি তুলিছে।
আব্দুল আজিজ-আমিনুল ইছলাম বিপুল ভোটত জয়ী হব-জুৰীয়াত আজমল