প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাক মুহূৰ্তত নগাঁৱত বিজেপিৰ উচ্চস্তৰীয় বৈঠক

ডিজিটেল সেৱা: আগন্তুক নগাঁও লোকসভাৰ উপ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । শাসনত থকা বিজেপি দলেও ব্যাপক ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পূৰ্বে নগাঁৱত বিজেপিয়ে ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছে ।বিজেপিয়ে দাবী কৰিছে যে নগাঁৱত দলটোৱে শক্তিশালী ৰূপত যুঁজ দিব। নগাঁও উপ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰো ৰাজ্যিক বিজেপিয়ে ইংগিত দিছে।বৈঠকত স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে নগাঁৱৰ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া জিলা তথা মণ্ডল পৰ্যায়ৰ বিজেপিৰ নেতাকৰ্মীৰ সৈতে এক আলোচনাতো মিলিত হয়। নগাঁৱৰ মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা উচ্চস্তৰীয় বৈঠকত প্ৰাৰ্থীৰ লগতে দলটোৰ সাংগঠনিক ভেটি সন্দৰ্ভতো আলোচনা হোৱা বুলি জানিব পৰা গৈছে । নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাকমুহূৰ্তত নগাঁৱত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বক্তব্য ৰাখে ৷তেওঁ কয়, “নগাঁও উপ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দিয়া হ’ব সেয়া নিশ্চিত । কিন্তু প্ৰাৰ্থী কোন হ’ব সেয়া এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই । এটা প্ৰক্ৰিয়াৰ মাজেৰে বিজেপিয়ে প্ৰাৰ্থী চূড়ান্ত কৰিব । প্ৰথমে দলটোৰ ৰাজ্যিক নিৰ্বাচন সমিতিয়ে এখন পেনেল প্ৰস্তুত কৰি সেয়া কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় নেতৃত্বই চীল মোহৰ মাৰি দিয়াৰ পাছতহে প্ৰাৰ্থী ঘোষণা কৰা হ’ব । হয়তো খুব কম সময়ৰ ভিতৰতেই চূড়ান্ত কৰা হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ।”নগাঁৱৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিজেপিৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, “নগাঁও উপ নিৰ্বাচনৰ যুঁজখন আমাৰ বাবে কিছু কঠিন যদিও আমি শক্তিশালীভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ম । আমাৰ এটা ইছ্যু হ’ব সেয়া হৈছে এই উন্নয়ন । আমাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰিকভাৱে ৰাজ্যৰ উন্নয়নৰ কথা চিন্তা কৰি আহিছে । প্ৰায় ডেৰমাহমান পূৰ্বে নগাঁৱৰ ৰূপহীহাট, চামগুৰি আৰু ধিং বিধানসভা সমষ্টিৰো প্ৰায় ৮০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হৈছে । উন্নয়নৰ স্বাৰ্থত এইবাৰ নগাঁৱৰ ৰাইজে বিজেপি চৰকাৰকে ভোটাধিকাৰ সাব্যস্ত কৰিব।”বিগত সময়ত কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টি এইবাৰ উপ নিৰ্বাচনত নিজৰ দখললৈ আনিবলৈ শাসকীয় বিজেপি দলে ৰণকৌশল প্ৰস্তুত কৰিছে। কিন্তু সময়ে ক’ব ৰাইজে কাৰ পক্ষত ৰায় দিয়ে । ইপিনে, শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী হিচাপে নগাঁৱৰ সদ্য প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম চৰ্চালৈ অহাৰ সময়তে দলটোৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাক মুহূৰ্তত নগাঁৱত বিজেপিয়ে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে ।

Related Articles