◆জমিৰ উদ্দিন তালুকদাৰ◆
এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ডবকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। নিখাৰী নৈৰ ওপৰত আজিও দলং নিৰ্মাণ নোহোৱাৰ ফলত চাংমাজী, পাতিদয়া, বনগাঁও, যোগীজানকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে জীৱন হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে নৈ পাৰ হৈ যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান টুলুঙা নাও অথবা বাঁহৰ সাঁকোৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলবাসী। বাৰিষা নৈৰ পানী বৃদ্ধি পালে এই যাতায়াত ব্যৱস্থা অধিক বিপজ্জনক হৈ পৰে।

বিশেষকৈ বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে বিদ্যালয়লৈ অহা-যোৱা কৰোঁতে নৈ পাৰ হ’বলগীয়া হোৱাৰ ফলত তেওঁলোকৰ জীৱন-সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে অভিভাৱকসকল। ইয়াৰ উপৰি দলং নথকাৰ বাবে অঞ্চলটোত জৰুৰীকালীন সেৱাও ব্যাপকভাৱে ব্যাহত হৈ পৰিছে। জৰুৰী সময়ত এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আদি অঞ্চলটোলৈ প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি হোৱাৰ ফলত ৰোগীক ক্ষিপ্ৰতাৰে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয়। অগ্নিকাণ্ড বা আন কোনো দুৰ্যোগৰ সময়তো জৰুৰীকালীন বাহন সময়মতে উপস্থিত হ’ব নোৱাৰাৰ আশংকা আছে।

অঞ্চলবাসীৰ অভিযোগ অনুসৰি, নিখাৰী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় জনপ্ৰতিনিধি তথা সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই অহা হৈছে। কিন্তু বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি অহাৰ পাছতো আজিলৈকে সমস্যাটোৰ কোনো স্থায়ী সমাধান নহ’ল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰতিশ্ৰুতি আৰু উপেক্ষাৰ বাহিৰে কোনো ফল পোৱা নাই৷ এখন দলঙৰ অভাৱত কেৱল যাতায়াত ব্যৱস্থাই নহয়, শিক্ষা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো অঞ্চলবাসীয়ে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন-সুৰক্ষাৰ লগতে বৃহত্তৰ অঞ্চলবাসীৰ যাতায়াতৰ সমস্যা দূৰ কৰাৰ স্বাৰ্থত নিখাৰী নৈৰ ওপৰত অতি শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ, সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ ওচৰত জোৰদাৰ দাবী জনাইছে অঞ্চলবাসীয়ে।