সুধাকণ্ঠৰ জন্মদিনতেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা,নগাঁও: নগাঁৱৰ সদ্যপ্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইবাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিব। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সুধাকণ্ঠৰ জন্মদিনটোতে গেৰুৱা বসন পিন্ধিব সদ্য প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাই । ডঃ ভূপেন হাজৰিকাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা শৰ্মাই সুধাকণ্ঠৰ জন্মদিনটোতেই আৰম্ভ কৰিব জীৱনৰ এক নতুন ইনিংছ । ৰাজনীতিৰে সমাজসেৱা কৰাৰ উদ্দেশ্যে সংসদীয় ৰাজনীতিলৈ পৰিকল্পনা ৰচনা কৰা শৰ্মাই মঙলবাৰে আবেলি ৫ বজাত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব । উল্লেখ্য যে, ভূপেন হাজৰিকাৰ জন্মদিনতেই ৰাজনৈতিক পথাৰত ভৰি দিবলৈ মন মেলা দেৱাশীষ শৰ্মা প্ৰায় সাত বছৰ সুধাকণ্ঠৰ বিশেষ বিষয়া হিচাপে নিয়োজিত হৈ আছিল । সেই সূত্ৰে ভূপেন হাজৰিকাৰ অধিক ঘনিষ্ঠ হৈ পৰা শৰ্মাৰ মুখত বিভিন্ন অনুষ্ঠানত প্ৰায়ে শুনা গৈছিল সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’।শেহতীয়াকৈ নগাঁৱৰ জিলা আয়ুক্ত হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতেই তিনি ছেপ্টেম্বৰত তেওঁ স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰাক লৈ ৰাজনৈতিক মহলত আৰম্ভ হৈছিল ব্যাপক চৰ্চা ।বিশেষকৈ অহা ছয় অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মা বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি ব্যাপকভাৱে চৰ্চা চলিছে । চাকৰি জীৱনৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা শৰ্মাই অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Related Articles