ডিজিটেল সেৱা, নগাঁও: ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম-শতবাৰ্ষিকী মঙ্গলবাৰে নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত উদযাপন কৰা হয়। পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জনায়।

এই কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, সহকাৰী আয়ুক্ত শেখৰন ফুকনৰ উপৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা কৰ্মচাৰীসকলো উপস্থিত থাকে। সকলোৱে সমবেত হৈ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত ফুল দি অসমীয়া জাতিৰ এই মহান পুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

ইয়াৰ উপৰিও জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়, পৰিবহন, কৃষি, ৰেচম, শিক্ষা প্ৰমুখ্যে প্ৰতিটো বিভাগ আৰু ৰহা আৰু কলিয়াবৰ সম-জিলা আয়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিতো অনুৰূপ কাৰ্যসূচীৰে সংগীত আৰু সাহিত্য জগতৰ মনিষী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। কোনো কোনো কাৰ্যালয়ত সমবেত বিষয়া কৰ্মচাৰী সকলে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে ‘ সমস্বৰে গাই ড: হাজৰিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।