ডিজিটেল সেৱা, নগাঁও: জিলাখনৰ ৰাজহ চক্ৰসমূহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰশাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ। এই কাৰ্যালয়সমূহৰ জৰিয়তেই জনসাধাৰণে ভূমি আৰু ৰাজহ সংক্রান্তীয় বিভিন্ন গুৰুত্বপূৰ্ণ সেৱা লাভ কৰি উপকৃত হয়।

এই প্ৰশাসনিক ব্যৱস্থাটোৰ পৰ্যবেক্ষণৰ উদ্দেশ্যৰে মঙ্গলবাৰে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।
জিলা আয়ুক্তই অতিৰিক্ত জিলা আয়ুক্ত পল্লবী গগৈ, সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনদীপ ৰভা আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ সৈতে প্ৰথমতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকখনত জিলা আয়ুক্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা বিভিন্ন কাম কাজৰ বিশদ খতিয়ান লয়। পৰৱৰ্তী সময়ত তেখেতে কাৰ্যালয়টোৰ বিভিন্ন শাখা পৰিদৰ্শন কৰি কৰ্মৰত কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ কাৰ্যপন্থাৰ বুজ লয়। ইয়াৰোপৰি, কাৰ্যালয়টোলৈ কামৰ বাবে অহা সাধাৰণ নাগৰিকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰি চৰকাৰী সেৱা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিবা সুবিধা বা অসুবিধাৰ সন্মুখীন হৈছে নেকি সেই বিষয়ে অৱগত হয়।